নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত অগপই সাক্ষাৎ কৰিব লোকসভাৰ অধ্যক্ষ, যুটীয়া সংসদীয় সমিতিক

AGP-meeting--570x320

দেওবাৰে আমবাৰীৰ মুখ্য কাৰ্যালয়ত সভাপতি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত অগপৰ বৈঠকৰ এটি মুহূৰ্ত। ফটো: ইউবি ফটোছ

অসম গণপৰিষদ দলৰ এটি প্ৰতিনিধি দলে সোনকালেই দিল্লীলৈ গৈ নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬’ক  দলে বিৰোধিতা কৰা বিষয়টো লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজন আৰু যুটীয়া সংসদীয় সমিতিৰ সদস্যসকলক অৱগত কৰিব।

দেওবাৰে অনুষ্ঠিত হোৱা দলৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ৰাজ্যৰ কৃষিমন্ত্ৰী তথা অগপ দলৰ সভাপতি অতুল বৰাই সভাপতিত্ব কৰা বৈঠকত দাবী উত্থাপন কৰা হয় যে বিজেপিৰ মীৰাট লোকসভা সমষ্টিৰ সাংসদ ৰাজেন্দ্ৰ আগৰৱালাৰ নেতৃত্বত গঠিত যুটীয়া সংসদীয় সমিতিয়ে অসমলৈ আহি বিধেয়কখন সম্পৰ্কত সকলো পক্ষৰ মতামত গ্ৰহণ কৰা উচিত।

আঞ্চলিক দলটোৱে বিধেয়কখনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে অহা মাৰ্চত গুৱাহাটীত এখন গণ অভিৱৰ্তনৰ লগতে সকলোবোৰ জিলাতে জনসভা অনুষ্ঠিত কৰিব।

অসমত অসম গণ পৰিষদ বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্য সহযোগী হৈ আছে।

বিজেপিয়ে বিধেয়কখন গৃহিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখাৰ মাজতে অগপই আনকি বিধেয়কখন সংসদত গৃহিত হ’লে চৰকাৰৰ পৰা ওলাই অহাৰ ভাবুকি দিছে।

বিধেয়কখনে ১৯৫৫ চনৰ নাগৰিকত্ব আইন সংশোধন কৰি পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা  ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগেয়ে অহা সংখ্যালঘু শৰণাৰ্থীসকলক নাগৰিকত্ব দিব বিচাৰিছে।

ৰঙিয়াৰ চিপিআই(এম)ৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাকে ধৰি অন্যান্য ৰাজনৈতিক দলৰ প্ৰায় ২০০ গৰাকী সদস্যই দেওবাৰে আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অগপ দলত যোগদান কৰে।

ইয়াৰ আগেয়ে আঞ্চলিক দলটোৱে অসম চুক্তিত উল্লেখ থকা ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত ভাৰতলৈ অহা জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো নাগৰিকেই বিদেশী বুলি থকা অনুচ্ছেদ অনুসৰণ কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙলৈ পত্ৰ লিখিছিল।