নাগৰিকত্ব সংশোধনী বিধেয়ক : জেপিচিৰ বৈঠক বাতিল, আগন্তুক অধিৱেশনত দাখিল কৰিব চূড়ান্ত প্ৰতিবেদন

Citizenship-Amendment-Bill-2016-570x320-2

নাগৰিকত্ব সংশোধনী বিধেয়কখন পৰ্যালোচনাৰ বাবে গঠিত যুটীয়া সংসদীয় সমিতিৰ শুকুৰবাৰে আয়োজন কৰা বিশেষ বৈঠকখন শেষ মুহূৰ্তত বাতিল কৰা হয়। মূলত: হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে অনুষ্ঠিত হ’বলগীয়া বৈঠকখনলৈ সমিতিৰ সদস্যসকলৰ লগতে কেন্দ্ৰীয় গৃহ সচিব, বৈদেশিক সচিব আৰু কেইবাগৰাকীও সাংবিধানিক বিশেষজ্ঞক নিমন্ত্ৰণ জনোৱা হৈছিল।

তাৎপৰ্যপূৰ্ণভাৱে সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পিছত কালি নিশা হঠাতে বৈঠকখন বাতিল কৰা হয়। আনকি বৈঠকৰ বাবে আহি নতুন দিল্লীত উপস্থিত হোৱা সমিতিৰ সদস্যয়ো বৈঠক বাতিলৰ কাৰণ সম্পৰ্কে অৱগত নহয়। তেওঁলোকে প্ৰকাশ কৰা মতে অধ্যক্ষই তেওঁলোকক বৈঠকখন বাতিলৰ কাৰণ সম্পৰ্কে জনোৱা নাই।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিষয়ত ৰাইজৰ মতামত গ্ৰহণৰ বাবে চলিত মাহৰ প্ৰথম ভাগত যুটীয়া সংসদীয় সমিতি অসমলৈ আহিছিল। অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাৰ নেতৃত্বত অহা সমিতিয়ে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে বৰাকৰ জনসাধাৰণৰো মতামত গ্ৰহণৰ বাবে ক্ৰমে গুৱাহাটী আৰু শিলচৰত শুনানি অনুষ্ঠিত কৰিছিল। সমিতিয়ে এই সন্দৰ্ভত মতামত লোৱাৰ বাবে শ্বিলঙলৈও গৈছিল।

পাঁচদিনীয়া কাৰ্যসূচীৰে অহা সংসদীয় সমিতিয়ে প্ৰয়োজন হ’লে মতামত গ্ৰহণৰ বাবে পুনৰ অসমলৈ অহাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু দিল্লীলৈ ঘুৰি যোৱাৰ পিছত সমিতিয়ে অসমলৈ অহাৰ বিষয়টো আওকান কৰি সংসদত চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ বাবেহে তৎপৰ হৈ পৰিছে। সেই মৰ্মে অধ্যক্ষই শুকুৰবাৰে নতুন দিল্লীত এই বিশেষ বৈঠকৰ আয়োজন কৰিছিল। কিন্তু শেষ মুহূৰ্তত বৈঠকখন কিয় বাতিল কৰা হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।