নাগৰিকপঞ্জী প্ৰক্ৰিয়াৰ বুজ ল’বলৈ কাইলৈ অসমত উপস্থিত হ’ব দেশৰ মহাপঞ্জীয়ক

agp deligate meets hm

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দ্বিতীয় খচৰা প্ৰকাশ হ’বলৈ মাথোঁ কেইদিনমান থকা সময়তেই পৰিস্থিতিৰ বুজ লোৱাৰ বাবে নতুন দিল্লীৰ পৰা দুগৰাকী শীৰ্ষ বিষয়া বুধবাৰে অসমত আহি উপস্থিত হ’বহি। বিষয়া দুগৰাকী হৈছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (উত্তৰ-পূব) যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু ভাৰতৰ মহাপঞ্জীয়ক শৈলেশ। তেওঁলোকে আহি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সতে জড়িতসকলৰ সৈতে মিলিত হৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কে অৱগত হ’ব।

নিৰাপত্তাজনিত বিষয়সমূহৰ বিষয়ে শেহতীয়া তথ্য জনাৰ বাবে তেওঁলোকে ৰাজ্যখনৰ শীৰ্ষ নিৰাপত্তা বিষয়াসকলৰ সৈতেও মিলিত হ’ব।

অসম কংগ্ৰেছৰ বিধায়িনীৰ সঁজাতী দলৰ আগত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে ভাৰত চৰকাৰৰ দুই শীৰ্ষ বিষয়াক অসমলৈ প্ৰেৰণ কৰাৰ কথা প্ৰকাশ কৰিছিল। দলটোক নেতৃত্ব দিছিল বিৰোধী দলৰ নেতা দেবব্ৰত শইকীয়াই।

কংগ্রেছৰ সঁজাতী দলটোৰ সৈতে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈও আছিল।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় যে তেওঁলোকে গৃহ মন্ত্ৰীৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ সন্দৰ্ভত তেওঁলোকে সংশ্লিষ্ট লোকসকলৰ সৈতে আলোচনা কৰিব।

কংগ্ৰেছ সঁজাতী দলটোৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক বিদেশী ন্যায়াধিকৰণৰ সৈতে চামিলকৰণ প্ৰক্ৰিয়াৰ প্ৰচেষ্টাৰ কথাটোও উনূকিয়ায়। সঁজাতী দলোটৱে কয় যে ১৯৭১ৰ পাছত অহা বিদেশীৰ নাম যাতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰা নহয় তাৰ বাবে এন আৰ চি সেৱা কেন্দ্ৰসূহলৈ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে। তেওঁলোকে আৰু কয় যে ডি ভোটাৰসকললৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জাননী প্ৰেৰণ কৰিবলৈ বাৰণ কৰা হৈছে।

কংগ্ৰেছ সঁজাতী দলটোৱে ভাৰতৰ মহাপঞ্জীয়ক শৈলেশকো সাক্ষাত কৰে।

ইতিমধ্যে অগপৰ সঁজাতী দলটোৱে গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাত কৰি বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ বিষয়ত তেওঁলোকৰ শংকা ব্যক্ত কৰে।

জানিব পৰা গৈছে যে গৃহ মন্ত্ৰীয়ে অগপ দলৰ সঁজাতী দলটোক আশ্বাস প্ৰদান কৰিছে যে সংশ্লিষ্ট দল সংগঠনৰ অনুমোদন অবিহনে বিতৰ্কিত বিধেয়কখনৰ ওপৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নহয়।