NORTHEAST NOW (Assamese)

নাবালিকাক দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ : স্থানীয় ৰাইজে লণ্ডভণ্ড কৰিলে অভিযুক্তৰ ঘৰ

March 25, 2018 9:32 am · এন ই নাও নিউজ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নগাঁৱ জিলাৰ এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।

সূত্ৰসমূহে জনোৱা মতে মুখ্যমন্ত্ৰীয়ে আৰক্ষীক ঘটনাটোৰ ক্ষিপ্ৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে যথাসম্ভৱ সোনকালে অপৰাধীকেইজনক কৰায়ত্ব কৰিবলৈ নিৰ্দেশ দিয়ে। অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱাল আৰু শীৰ্ষ আৰক্ষী বিষয়া হৰমিট সিঙক তদন্তৰ দায়িত্ব দিয়া হৈছে।

বাতৰি অনুসৰি শুকুৰবাৰে বিয়লি জিলাখনৰ বটদ্ৰবা আৰক্ষী থানাৰ অন্তৰ্গত ধনীয়াভেটি লালুং গাঁৱত তিনিজনীয়া এটা দুৰ্বৃত্তৰ দলে এগৰাকী ১১ বছৰীয়া পঞ্চম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰি জ্বলাই দি হত্যা কৰিছিল।

নাবালিকাগৰাকীক ধৰ্ষণ কৰাৰ পিছত দুৰ্বৃত্তকেইজনে ছোৱালীজনীৰ শৰীৰত কেৰাচিন ঢালি জ্বলাই হত্যা কৰিছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে তিনিগৰাকী দুৰ্বৃত্ত  ২১ বছৰীয়া জাকিৰ হুছেইন আৰু আন দুজন নাবালক বলি হোৱা ছোৱালীজনীৰ একেখন গাঁৱৰেই বাসিন্দা আৰু ছোৱালীজনী ঘৰত অকলে থকা সময়ত ধৰ্ষণ কৰিছিল।

আৰক্ষীয়ে ইতিমধ্যে নাবালক দুজনক গ্ৰেপ্তাৰ কৰিছে যদিও মূল অপৰাধী জাকিৰ এতিয়াও পলাতক হৈ আছে।

লালংগাঁৱৰ ৰাইজে শনিবাৰে পলাতক জাকিৰৰ ঘৰটো ভাঙি লণ্ডভণ্ড কৰে। সদৌ অসম ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু এআইডিএছঅ’ৰ দৰে ছাত্ৰ সংগঠনে অপৰাধীক কঠোৰ শাস্তি বিহাৰ দাবীত প্ৰতিবাদী সমদল উলিয়ায়।

নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰ ৰায়মেধিয়ে কয় যে জাকিৰক কৰায়ত্ব কৰাৰ বাবে সন্ধান চলাই থকা হৈছে। ‘’ আমি সাত-আঠ স্থানত তালাচী চলাইছো, কিন্তু সি পলাই যাবলৈ সক্ষম হৈছে,’’-ৰায়মেধিয়ে কয়।

যোৱা সপ্তাহত নগাঁৱৰ কামপুৰত এগৰাকী মহিলাক দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছিল। মহিলাগৰাকী আৰু তেওঁৰ স্বামীক হাছমত আলী নামৰ লোকজনে ফুচুলাই তেওঁৰ ঘৰত নিশাটো কটাবলৈ লৈ গৈছিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত আঠজনে মহিলাগৰাকীৰ স্বামীক গছত বান্ধি থৈ মহিলাগৰাকীক ধৰ্ষণ কৰিছিল।

Related News