নামদফাৰ পখিলা মেলাৰ আজি সামৰণি পৰিব

Red Lacewing

অৰুণাচলৰ নামদফা উদ্যান কৰ্তৃপক্ষই ছচাইটি ফৰ এডুকেশ্যন এণ্ড এনভাইৰনমেন্টেল ডেভেলপমেন্ট আৰু মিয়াও এক্সপ্ল’ৰাৰ্ছ তথা দফা ভেলী ট্যুৰছ এণ্ড ট্ৰেভেলছৰ সহযোগত  ২৭ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈকে আয়োজন কৰা পখিলা মেলাৰ আজি সামৰণি পৰিব।

‘’আপুনি সিহঁতক ধৰিব নোৱাৰে, কিন্তু আপুনি সিহঁতক বন্দী কৰিব পাৰে’’ শীৰ্ষক টেগ্ লাইনেৰে প্ৰথমবাৰৰ বাবে উদ্যান কৰ্তৃপক্ষই আয়োজন কৰা পখিলা মেলাত বিভিন্ন অংশগ্ৰহণকাৰীসকলে বিৰল প্ৰজাতিৰ পখিলাৰ ফটো গ্ৰহণ কৰাৰ লগতে নামদফাৰ জৈৱ-বৈচিত্ৰ্যসমূহো পৰিদৰ্শন কৰাৰ সুযোগ পাইছে।

নামদফা ৰাষ্ট্ৰীয় উদ্যানখন অৰুণাচল প্ৰদেশৰ ম্যানমাৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰ ওচৰৰ চাংলাং জিলাত অৱস্থিত। এই উদ্যানখন প্ৰায় ১,৯৮৫ কিলোমিটাৰ অঞ্চল জুৰি বিস্তৃত।

এই মেলাৰ মুখ্য আয়োজক মিনম পাৰ্টিনে কয় যে বহুতেই এই কথা নাজানে যে নামদফা হৈছে ভাৰতৰ তৃতীয় সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান।

‘’নামদফা পখিলা মেলা ২০১৮’ৰ উদ্দেশ্য হৈছে পূব হিমালয়ৰ উপকণ্ঠৰ অঞ্চলত অৱস্থিত এই সুন্দৰ স্থানক জনপ্ৰিয় কৰি তোলাৰ লগতে ইয়াৰ চহকী জৈৱ-বৈচিত্ৰ্য বিশ্বৰ আগত তুলি ধৰা আৰু এই সংৰক্ষিত জৈৱ-বৈচিত্ৰ্যৰে ভৰা অঞ্চলত থকা নতুন প্ৰজাতিৰ পখিলা আৱিস্কাৰ কৰা,’’-পাৰ্টিনে কয়।

চাৰিদিনীয়া এই উৎসৱ আনুষ্ঠানিকভাৱে মুকলি কৰি মিয়াওৰ অতিৰিক্ত উপায়ুক্ত টাগে ৰুমীয়ে জৈৱ-বৈচিত্ৰ্যৰ প্ৰচাৰৰ লগতে ভাৰতৰ একেবাৰে পূৰ্ব দিশত অৱস্থিত এই মনোমোহা ঠাইখনক জনপ্ৰিয় কৰি তোলাৰ বাবে আয়োজক সকলে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে।

উত্তৰাখণ্ডস্থিত পখিলা গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক পিটাৰ ষ্টেমকে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা ৫৫ গৰাকী উৎসাহী অংশগ্ৰহণকাৰীৰ আগত পখিলাৰ সন্ধানৰ বিষয়ে মনোগ্ৰাহী ভাষণ আগবঢ়ায়।

‘’আপোনালোকে ভাৰতৰ আটাইতকৈ বেছি জৈৱ-বৈচিত্ৰ্যৰে ভৰা অঞ্চলটোলৈ আহিছে য’ত নতুন প্ৰজাতিৰ পখিলা আৱিস্কাৰৰ এক পূৰ্ণ সম্ভাৱনা আছে,’’-তেওঁ অংশগ্ৰহণকাৰীসকলক কয়।

আয়োজক সকলে আশা কৰিছে যে অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ কেমেৰাৰে কিছুমান বিৰল প্ৰজাতিৰ পখিলাৰ ফটো তুলিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে জৈৱ বৈচিত্ৰ্যৰ বিৰল স্থান হিচাপে বিশ্বত পৰিচিত নামদফা উদ্যানখন চাৰিও প্ৰকাৰৰ বাঘৰ আৱাস ভূমি।