নামফাইত গুলীবিদ্ধ হাতীৰ কৰুণ মৃত্যু; তিনিচুকীয়া জিলাত সক্ৰিয় চোৰাংচিকাৰী চক্ৰ
চোৰাংচিকাৰীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ তিনিচুকীয়া জিলাৰ জাগুন আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ নামফাই সংৰক্ষিত বনাঞ্চলৰ বেদখলীকৃত এলেকাত বোকাত আবদ্ধ হৈ কালিৰে পৰা মৃত্যু যন্ত্ৰনাত ছটফটাই থকা বনৰীয়া হাতীটোৱে অৱশেষত কৰুণ মৃত্যুক সাবটি লয়।
যোৱা নিশাৰ ভাগত মৃত্যু হোৱা হাতীটোক কালিৰে পৰা পশু চিকিৎসকে চিকিৎসা সেৱা আগবঢ়াই আহিছিল যদিও হাতীটোক সুস্থ কৰিব তুলিব নোৱাৰিলে।
আজি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত নামফাই সংৰক্ষিত বনাঞ্চলৰ মাজতে জাগুন বন বিভাগে হাতীটোৰ মৃতদেহ সমাধিস্থ কৰে।
আনহাতে হাতীটোৰ কৰুণ মৃত্যুৱে প্ৰকৃতিপ্ৰেমীসকলক মৰ্মাহত কৰাৰ লগতে তিনিচুকীয়া জিলাত যে চোৰাংচিকাৰী সক্ৰিয় হৈ আছে সেই কথায়ো প্ৰমাণ কৰিছে।
উত্তৰ-পূব ভাৰতৰ প্ৰকৃতিপ্ৰেমী সংগঠন নেচাৰ্চ বেকনৰ মাৰ্ঘেৰিটা মহকুমা সমিতিয়ে চোৰাংচিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী উত্থাপন কৰিছে।