“যদি বিধেয়কখন গৃহীত হয়, আমি চহিদ পৰিয়ালে তীব্ৰতৰ আন্দোলন গ্ৰহণ কৰিম। দৰকাৰ হ’লে আমি নিজৰ পৰিয়ালৰ পুনৰ এগৰাকীক চহিদ হ’বলৈ আগ বঢ়াই দিবলৈ কুণ্ঠাবোধ নকৰো।”
দেওবাৰে দিচপুৰ প্ৰেছ ক্লাবত এখন বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে সদৌ অসম জাতীয় চহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সভাপতি ৰাজেন ডেকাই।
আনহাতে তেওঁ কয়, “যদি ৮৫৫গৰাকীক চহিদ হয় বুলি অসম চৰকাৰে ঘোষণা কৰিছে, তেন্তে কোনো কাৰণতে এই আইনখন থাকিব নোৱাৰে।”
এই বুলি উল্লেখ কৰাৰ লগতে ডেকাই কয়, “যদি এই বিধেয়কখন আনে, তেন্তে ৮৫৫গৰাকী চহিদক অপমান কৰা হ’ব।”
ইয়াৰোপৰি তেওঁ কয়, “নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক নীৰৱতা অৱলম্বন কৰা দেখা পাইছো। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক যিহেতু জাতীয় নায়ক হিচাপে অসমৰ ৰাইজে ইতিমধ্যে স্বীকৃতি দিলে, গতিকে নায়কৰ যিটো সন্মান সেইটো অটুট ৰাখিবৰ বাবে পুনৰবাৰ সংবাদ মাধ্যমৰ জৰিয়তে সোণোৱালক অনুৰোধ কৰিছো।”
আনহাতে, খুব সোনকালেই সদৌ অসম ছাত্ৰ সন্থা, সদৌ অসম জাতীয় চহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদ আৰু অসম চৰকাৰৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়ক, এন আৰ চি আৰু অসম চুক্তিৰ সন্দৰ্ভত এখন ত্ৰিপাক্ষিক আলোচনাচক্ৰ অনুষ্ঠিত হ’ব বুলিও তেওঁ সদৰী কৰে।
“যদিও ৩০ জুনত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ কৰাৰ কথা আছিল, তথাপি আমি আশা কৰিছো সময়মতে চূড়ান্ত খচৰা প্ৰকাশ পাব, সেইখনেই অসমবাসীৰ কাৰণে একমাত্ৰ সম্বল।” তেওঁ সংবাদ মাধ্যমৰ আগত কয়।
তেওঁ লগতে কয়, “৫১টা চহিদ পৰিয়ালৰ উত্তৰাধিকাৰী বিচাৰি উলিয়াব পৰা নাই। অসমৰ চুকে-কোণে বহুতো চহিদ পৰিয়াল সোমাই থাকিব পাৰে, গতিকে আমি নিৰীক্ষণ কৰি তেওঁলোকক বিচাৰি উলিয়াবৰ বাবে চেষ্টা কৰিছো।”
“চহিদ পৰিয়ালৰ কোনো লোকে চাকৰি পাইছে যদিও সেয়া চহিদ পৰিয়ালৰ ক’টাত চাকৰি পোৱা নাই।” এই বুলি কৈ চৰকাৰে চহিদ পৰিয়ালৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰি তেওঁ কয়, “চহিদ পৰিয়ালৰ কিমান সংখ্যক লোকক সংস্থাপন দিয়া হ’ব তাৰ বিষয়ত চৰকাৰে বৰ্তমানলৈকে এটা স্পষ্ট স্থিতি প্ৰকাশ কৰা নাই। কিন্তু সহানুভূতিৰ ভিত্তিত চৰকাৰে চহিদ পৰিয়ালৰ দুই-এজনক চাকৰি দিছে।”
উল্লেখ্য যে কালি ৰাজ্যৰ মুখ্য সচিবৰ কাৰ্য্যালয়ত মুখ্য সচিব টি ৱাই দাসৰ সৈতে সদৌ অসম জাতীয় চহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ এক বৈঠকত তেওঁলোকে অসম চুক্তিৰ প্ৰত্যেকটো দফা কাৰ্য্যকৰী কৰাৰ লগতে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অহা সকলো ধৰ্মাৱলম্বী লোককে বহিষ্কাৰ কৰিবলৈ ব্যৱস্থা কৰা, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬-ক কেন্দ্ৰ কৰি ভৱিষ্যতে হ’ব পৰা অনাকাংক্ষিত পৰিস্থিতিৰ পৰা অসমক ৰক্ষা কৰিবৰ বাবে দাবী, এন আৰ চিক কেন্দ্ৰ কৰি অনাকাংক্ষিত তথা অপ্ৰীতিকৰ কাৰ্য্য সংঘটিত নহয় তাৰ বাবে চৰকাৰক দাবী জনায়।
এই বৈঠকৰ সময়ত তেওঁলোকে লগতে চহিদ আৰু নিৰ্য্যাতিত পৰিয়ালৰ লোকক চৰকাৰী চাকৰিত মকৰল কৰাৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনোৱাৰ উপৰি অসম আন্দোলনত নিৰ্য্যাতিত পৰিয়ালৰ ব্যক্তিসকলক অতি শীঘ্ৰে চৰকাৰী আৰ্থিক সাহায্য প্ৰদান কৰিবৰ বাবে মুখ্য সচিবক আহ্বান জনায়।
মুখ্য সচিবগৰাকীয়ে এই ক্ষেত্ৰত তেওঁলোকৰ দাবীসমূহ সমাধান কৰাৰ বাবে চেষ্টা চলাব বুলি আশ্বাস প্ৰদান কৰে বুলি পৰিষদৰ সভাপতি ৰাজেন ডেকাই সংবাদমাধ্যমক জানিবলৈ দিয়ে।