NORTHEAST NOW (Assamese)

নামৰূপ তাপ-বিদ্যুৎ প্ৰকল্পৰ পুষ্পোদ্যানত উদ্ধাৰ বিৰল প্ৰজাতিৰ লাজুকী বান্দৰ

May 17, 2018 4:30 pm · অক্ষয় প্ৰণৱ কলিতা
Updated: May 17, 2018 5:05 pm

নামৰূপ তাপ-বিদ্যুৎ প্ৰকল্পৰ ক্লাবৰ পুষ্পোদ্যানত এটা বিৰল প্ৰজাতিৰ লাজুকী বান্দৰ  উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।

নামৰূপ ফৰেষ্ট বীটৰ বনকৰ্মীসকলে লাজুকী বান্দৰটো পুষ্পোদ্যানখনত থকা পানীলাওৰ বাবে সজা এখন চাঙত উঠি থকা প্ৰত্যক্ষ কৰাৰ পাছত তাক ধৰি জয়পুৰ সংৰক্ষিত বনাঞ্চলত এৰি দিয়ে।

নিশাচৰ আৰু পলায়নবাদী চৰিত্ৰৰ এই বান্দৰ পৰিয়ালৰ প্ৰজাতিটো প্ৰাণী বিজ্ঞানীৰ দৃষ্টত পৰাৰ অধিক দিন হোৱা নাই। অতি বিৰল আৰু বিপদাপন্ন এই প্ৰাণীবিধৰ খাদ্যাভ্যাস আৰু চলন-ফুৰণ সম্বন্ধে বিষয়ে বৈজ্ঞানিকসকলৰ হাতত পৰ্যাপ্ত তথ্য নাই। অসমীয়াত লাজুকী বান্দৰ হিচাপে জনাজাত এই প্ৰাণীবিধৰ বৈজ্ঞানিক নাম Nycticebus bengalensis আৰু ইয়াক  Bengal Slow Loris হিচাপেও জনা যায়।

Related News