নাৰ্ছৰ হত্যাকাণ্ডক লৈ উত্তাল মেঘালয় : হত্যাৰ সুবিচাৰ বিচাৰি সৰৱ দল সংগঠন

nazareth-hospital-shillong-570x320

শ্বিলঙৰ নাজাৰেথ হস্পিটালত কৰ্মৰতা এগৰাকী নাৰ্ছক হত্যা কৰাৰ বিষয়টো লৈ উত্তাল হৈ পৰিছে মেঘালয়। হত্যাৰ সুবিচাৰ বিচাৰি ৰাজপথলৈ ওলাই আহিছে বিভিন্ন দল-সংগঠন। মেঘালয়ৰ চিভিল ছ’চাইটী ওমেন’ছ অৰ্গেনাইজেশ্যনে এই হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে।

উল্লেখ্য যে লিয়াটন ছোৰো নামৰ কম বয়সীয়া নাৰ্ছগৰাকীয়ে মণিপুৰৰ পৰা আহি শ্বিলঙৰ নাজাৰেথ হস্পিটালত নাৰ্ছ হিচাপে কৰ্মৰতা আছিল।

যোৱা শনিবাৰে আনুমানিক ২৬-২৭ বয়সীয়া লিয়াটন ছোৰো কৰ্তব্যস্থানৰ পৰা থকা স্থানলৈ উভতি যোৱাৰ পাছত তিনিদিন ধৰি নিৰূদ্দিষ্ট হৈ আছিল। ব্যাপক অনুসন্ধানৰ পাছত কালি মঙলবাৰে উমিয়ামৰ নিকটস্থ ৰিংদাং ব্ৰুত পৰি থকা অৱস্থাত তেওঁৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হৈছিল। মৃতদেহটো দেখি তেওঁক হত্যা কৰাৰ সন্দেহ কৰা হৈছে।

আজি এটা বিবৃতিযোগে চিভিল ছ’চাইটী ওমেন’ছ অৰ্গেনাইজেশ্যনৰ সভানেত্ৰী এগনেছ খৰছিঙে কয় যে মহিলা আৰু শিশুসকলক নিৰাপত্তা প্ৰদান কৰাটো দেশৰ চৰকাৰৰ অগ্ৰাধিকাৰ হোৱা উচিত। তেওঁ আৰু কয় যে মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰা অপৰাধীক কৰায়ত্ব কৰা আৰু শাস্তি প্ৰদান কৰাটো অত্যন্ত দৰকাৰী আৰু তেতিয়াহে আইনৰ ওপৰত জনসাধাৰণৰ আস্থা থাকিব।

বিবৃতিটোত নাৰ্ছগৰাকীৰ হত্যাকাণ্ডৰ তদন্তত সহায়ক হোৱা তথ্য-পাতিৰে আৰক্ষীক প্ৰদান কৰি দোষীক কৰায়ত্ব কৰাত সহযোগ কৰিবলৈ চিভিল ছ’চাইটী ওমেন’ছ অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা ৰাইজলৈ আৱেদন জনোৱা হয়।

নাৰ্ছগৰাকীৰ হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিয়া আৰু দোষীৰ উপযুক্ত আৰু দৃষ্টান্তমূলক শাস্তিৰ পোষকতা সংগঠনসমূহৰ ভিতৰত আছে তংখুল ষ্টুডেণ্ট য়ুনিয়নৰ সভাপতি গাৰানমি মাৰেই। এগৰাকী এগৰাকী শিক্ষাৰ্থী ৱুগ্রেইয়োন মৈনাওৱেয়ো মেঘালয়ত মহিলাৰ বিৰুদ্ধে ক্ৰমবৰ্ধিত অপৰাধৰ বিষয়ত গভীৰ উৎকণ্ঠা ব্যক্ত কৰে।

চিভিল ছ’চাইটী ওমেন’ছ অৰ্গেনাইজেশ্যনে মৃতা ছোৰোৰ পৰিয়ালৰ সদস্যসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।