NORTHEAST NOW (Assamese)

নিচাজাতীয় টেবলেটসহ আটক আমিৰ খান

July 26, 2018 10:37 am · এন ই নাও নিউজ
Updated: July 26, 2018 10:41 am

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাবলৈ ধৰিছে ড্ৰাগছ তথা নিচাজাতীয় টেবলেটৰ এক ৰমৰমীয়া বেহা। অৱশ্যে মাজে সময়ে আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান চলাই ড্ৰগাছ সৰবৰাহকাৰীক আটক কৰি আহিছে। কিন্তু ইয়াৰ পিছতো ৰাজ্যখনত ব্যাপক হাৰত চলি আছে ড্ৰাগছৰ এক ৰমৰমীয়া বেহা।

এই কথা প্ৰমাণ কৰিছে আজি গুৱাহাটীৰ আই এছ বি টিৰ সমীপৰ পৰা আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই নিচাজাতীয় টেবলেটসহ এজনক আটক কৰা ঘটনাই।

 আৰক্ষীয়ে অভিযানকালত আটক কৰা ড্ৰাগছ ব্যৱসায়ীজন মণিপুৰৰ আমিৰ খান বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। লগতে আমিৰ খানৰ পৰা ১০০০ টা নিচাজাতীয় টেবলেট আৰক্ষীয়ে জব্দ কৰে। আৰু এই জব্দকৃত নিচাজাতীয় টেবলেটখিনিৰ মূল্য প্ৰায় ২ লক্ষাধিক টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

 প্ৰাপ্ত তথ্য মতে চলাকৰূপে কৰ্মৰত আমিৰে দীৰ্ঘদিনৰ পৰাই বিভিন্ন ঠাইত চলাই আহিছিল ড্ৰাগছৰ এক ৰমৰমীয়া বেহা।

Related News