শিশু সৰবৰাহ সম্পৰ্কত সজাগতা সৃষ্টিৰ লক্ষ্যৰে নিদান ফাউণ্ডেইশ্যনৰ ‘কাৰাভেন’ৰ অভিযান

শিশু সৰবৰাহ সম্পৰ্কত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে কোকৰাঝাৰস্থিত এটা বেচৰকাৰী সংস্থা নিদান ফাউণ্ডেইশ্যনে ‘কাৰাভেন’ৰ অভিযানৰ ব্যৱস্থা কৰিছে, যিটো কোকৰাঝাৰ জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰৰ পৰা আজি আৰম্ভ হয়।

‘শিশু সৰবৰাহৰ বাবে নিৰুদ্দেশিত শিশু’ (Missing Children linked to Child Trafficking) আঁচনিখন কোকৰাঝাৰৰ উপায়ুক্ত নিৰঞ্জন বৰুৱাই শুভাৰম্ভ কৰে। উদ্বোধনী অনুষ্ঠানটোত উপায়ুক্তৰ উপৰি পশ্চিম অসমৰ বিভিন্ন যুৱ সংগঠন, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ভালে সংখ্যক সমাজ সচেতন ব্যক্তি উপস্থিত আছিল।

নিদানৰ এটা সূত্ৰই জানিবলৈ দিয়া মতে বেচৰকাৰী সংস্থাটোৰ নেতৃত্বত এই কাৰাভেনে কোকৰাঝাৰ, চিৰা্ং, বাকসা আৰু ওদালগুৰিৰ ভিতৰুৱা ঠাইবোৰক সামৰি ল’ব। এই অভিযানটো ৪ ফেব্ৰুৱাৰিৰ পৰা ৭ ফেব্ৰুৱাৰিলৈকে চলিব। ইয়াৰ সামৰণি অনুষ্ঠানটো ওদালগুৰিৰ জিলা আদালত খেলপথাৰত অনুষ্ঠিত কৰা হ’ব বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

নিদানৰ অধ্যক্ষ দিগম্বৰ বসুমতাৰীয়ে নিজৰ বক্তব্যত কয় যে ৰাষ্ট্ৰসংঘৰ শেহতীয়া সমীক্ষামতে অসম ভাৰতৰ ভিতৰতে দ্বিতীয় সৰ্বোচ্চ শিশু সৰবৰাহ হোৱা ঠাই। তেওঁ লগতে কয় যে কোকৰাঝাৰ, বাকচা, ওদালগুৰি, চিৰাং জিলাৰ লগতে শোণিতপুৰ, ধেমাজি, লখিমপুৰ আৰু কামৰূপ জিলা হ’ল শিশু সৰবৰাহৰ বাবে আটাইতকৈ উন্মুক্ত হৈ থকা ঠাই। ‘শিশুৰ ওপৰত হোৱা শোষণ, শিশুক সৰবৰাহ সম্পৰ্কত জনতাৰ মাজত সজাগতা সৃষ্টিয়েই আমাৰ লক্ষ্য।’ তেওঁ কয়। প্ৰতিবছৰে অসংখ্য শিশু নিৰুদ্দেশ হয় বুলিও তেওঁ মন্তব্য কৰে।

তেওঁ এই নিৰুদ্দেশিত শিশুৰ বৃহৎ সংখ্যাৰ কাৰণ হিচাপে পৰিয়ালৰ সদস্যৰ দ্বাৰা অপহৰণ, পৰিয়ালৰ বাহিৰ বা অচিনাকি লোকৰ দ্বাৰা অপহৰণ, ঘৰৰ পৰা নিজে পলাই যোৱা বা ঘৰুৱা পৰিস্থিতিয়ে পলাই যাবলৈ বাধ্য কৰোৱা ইত্যাদিবোৰক চিহ্নিত কৰে। এইবোৰে একোটা একোটা সামাজিক সমস্যাক প্ৰতিফলিত কৰিছে। এই শিশুবোৰৰ বেছিভাগেই শাৰীৰিক বা যৌনভাৱে নিৰ্যাতিত হয় আৰু এইবোৰ ঘটনা বেছিভাগেই আৰক্ষীৰ দৃষ্টিগোচৰ কৰা নহয়।

উল্লেখযোগ্য যে অসম চৰকাৰৰ শিশুৰ অধিকাৰ সুৰক্ষা আয়োগে অলপতে প্ৰকাশ কৰা এটা তথ্যমতে ২০১২ চনৰ পৰা ২০১৪ চনৰ অক্টোবৰলৈকে ৰাজ্যত মুঠ ৪৭৫৪ শিশু নিৰুদ্দেশ হৈছে।