নিবনুৱা সমস্যাৰ চূড়ান্ত পৰিণতি : সকলো চাৰ্টিফিকেট জ্বলাই চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে যোগীৰাজ্যৰ যুৱকে

পঢ়া-শুনা কৰিও সংস্থাপনৰ বাট নেদেখা হৈছে দেশৰ যুৱক-যুৱতীয়ে। নিৱনুৱা সমস্যাই চূড়ান্ত ৰূপ লৈছে মোদীৰ শাসনকালত। 

এইবাৰ আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ প্ৰদেশৰ এজন নিৱনুৱা যুৱকে। 

জানিব পৰা মতে ২৮ বছৰীয়া যুৱকজনৰ ঘৰ উত্তৰ প্ৰদেশৰ ভূদপুৰৱা অঞ্চলত। যুৱকজনৰ নাম বৃজেশ পাল।  

বৃহস্পতিবাৰে নিজৰ ঘৰত চিপ লৈ আত্মহত্যা কৰে নিৱনুৱা বৃজেশে। তাৰ আগতে তেওঁ নিজৰ সকলো শৈক্ষিক প্ৰমাণ পত্ৰ জ্বলাই দিয়ে। 

পৰিয়ালৰ সূত্ৰ অনুসৰি বৃজেশে আৰক্ষীৰ চাকৰিৰ বাবে আবেদন কৰিছিল। কিন্তু সেই চাকৰি পাবলৈ সক্ষম হোৱা নাছিল বৃজেশ।

উত্তৰ প্ৰদেশ আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত তেওঁ হতাশাত ভুগিছিল। ফলত তেওঁ আত্মহত্যাৰ পথ বাছি লৈছিল। 

বৃজেশে নিজৰ ছুইচাইড নোটত লিখিছে – “মই এজন ব্যৰ্থ যুৱক। এতিয়া মই বিচলিত হৈ পৰিছো। চাকৰি নাপালে ডিগ্ৰীৰ কি কাম? মই তোমাক বিশ্বাসঘাতকতা কৰিলোঁ৷ ”

জানিব পৰা মতে, বৃজেশ পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ। দেউতাকে দিল্লীৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰে। 

স্থানীয় আৰক্ষীৰ এছ এইচ অ’ বিষ্ণু কান্ত তিৱাৰীয়ে জনোৱা মতে, বৃজেশৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰা হৈছে৷ 

সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে এই ঘটনাত যোগী চৰকাৰক তীব্ৰ গৰিহণা দিয়ে। নিজৰ এক্স হেণ্ডেলত ৰাজ্যৰ বিজেপি চৰকাৰক আক্ৰমণ কৰি তেওঁ লিখিছে- বিজেপিয়ে ক্ষমতালৈ অহাৰ বাবে সকলো কৌশল ব্যৱহাৰ কৰিছিল, এতিয়া চাকৰি দিয়াৰ নামত পিঠি দিছে। নিবনুৱা সমস্যাৰ বাবে আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল কনৌজৰ যুৱক বৃজেশ পাল।”