নিষিদ্ধ ড্ৰাগছ ব্যৱহাৰৰ অভিযোগত সাময়িকভাৱে নিষিদ্ধ কমনৱেলথত স্বৰ্ণজয়ী মণিপুৰৰ ভাৰোত্তোলক সঞ্জীতা
পুনৰ কলংকৃত ভাৰতীয় ক্ৰীড়াক্ষেত্ৰ। অষ্ট্ৰেলিয়াৰ গ’ল্ড ক’ষ্টত অনুষ্ঠিত কমনৱেলথ গেইমছত ৫৩ কেজি শাখাত অভিলেখ স্থাপন কৰি স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হোৱা মণিপুৰৰ ভৰোত্তোলক সঞ্জীতা চানুৰ নমুনাত ধৰা পৰিছে ‘এনাবলিক ষ্টেৰ’ইড টেষ্টোষ্টেৰণ’ (Anabolic Steroid Testosterone) নামৰ নিষিদ্ধ দ্ৰব্যৰ উপস্থিতি। চানুৰ দেহত এই ড্ৰাগৰ নমুনা ধৰা পৰা পাছতে আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলক সংস্থাই সাময়িকভাৱে নিষিদ্ধ কৰিছে।
উল্লেখ্য যে চলিত বছৰৰ কমনৱেলথ গেইমছৰ দ্বিতীয় দিনা দেশৰ হৈ দ্বিতীয়টো স্বৰ্ণ পদক জয় কৰা মণিপুৰৰ জীয়ৰী সঞ্জিতা চানুৰ বাবে এতিয়া দেখা দিছে সমস্যাই। সংস্থাটোৰ তৰফৰ পৰা জানিবলৈ দি কয় যে যদি ড’পিং টেষ্টত ভাৰোত্তোলকগৰাকী দোষী সাব্যস্ত হয় তেন্তে ৪ বছৰৰ বাবে নিষিদ্ধ হ’ব ভাৰোত্তোলন জগতৰ পৰা।
আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলক সংস্থাৰ ৱেবছাইট যোগে চানুৰ দেহত এনাবলিক ষ্টেৰ’ইডৰ নমুনা পোৱাৰ কথা জানিবলৈ দি কয়, ‘সঞ্জীতা চানুৱে ড’প টেষ্টত ব্যৰ্থ হৈছে। এণ্টি ড’পিং নিয়মাৱলী ভংগ কৰাৰ অপৰাধত খেলুৱৈগৰাকীক সাময়িকভাৱে নিষিদ্ধ কৰা হৈছে’।
সংস্থাটোৱে লগতে আৰু উল্লেখ কৰি কয় যে কমনৱেলথ গেইমছতে নে অন্য প্ৰতিযোগিতাত চানুৰ দেহৰ পৰা এই ড্ৰাগৰ নমুনা পোৱা গৈছে সেয়া এতিয়াও নিষ্চিত হোৱা নাই।
ইফালে সংস্থাটোৱে বিষয়টো সন্দৰ্ভত নিশ্চিত নোহোৱালৈকে কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকিব বুলি জনায়।