NORTHEAST NOW (Assamese)

নিষ্ঠাৰে সেৱা আগবঢ়ায় যোৱা নাৰ্ছসকলক শুভেচ্ছা নাগালেণ্ডৰ ৰাজ্যপাল আচাৰ্যৰ

May 12, 2018 10:52 am · এন ই নাও নিউজ

আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস ২০১৮ উপলক্ষে নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্যই চৰকাৰী তথা ব্যক্তিগত চিকিৎসালয়ৰ লগতে অন্য প্ৰতিষ্ঠানত নিষ্ঠা সহকাৰে নিজৰ দায়িত্ব পালন কৰি থকা ৰাজ্যখনৰ সকলো নাৰ্ছকে শুভেচ্ছাৰ লগতে অভিনন্দন জ্ঞাপন কৰে।

এই সুযোগতে ৰাজ্যৰালগৰাকীয়ে কয় যে ‘পৰ্যাপ্ত, সু প্ৰশিক্ষিত আৰু অনুপ্ৰাণিত নাৰ্ছ মানুহৰ সু স্বাস্থ্য গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এনেদৰে মানুহৰ সেৱাত নিষ্ঠা সহকাৰে ব্ৰতী হৈ থাকিবলৈ ৰাজ্যপাল আচাৰ্যই ৰাজ্যৰ নাৰ্ছসকলক উৎসাহ তথা অনুপ্ৰাণিত কৰা দেখা যায়।

উল্লেখযোগ্য যে নাৰ্ছিং সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সেৱাৰ স্বীকৃতিস্বৰূপে প্ৰতিবছৰে বিশ্বৰ মানৱ দৰদী মহান নাৰ্ছ ফ্লোৰেন্স নাইটিঙ্গেলৰ জন্মদিন ১২ মে’ৰ দিনা ‘আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস’ পালন কৰা হয়।

আন্তৰাষ্ট্ৰীয় নাৰ্ছ দিৱস ২০১৮ৰ থীম হ’ল ‘নেতৃত্বই এটি কণ্ঠ : স্বাস্থ্য হ’ল মানৱ অধিকাৰ’।

এই প্ৰসংগত ৰাজ্যপাল আচাৰ্যই কয় যে স্বাস্থ্য খণ্ডৰ লগত জড়িত আটাইতকৈ বৃহৎ পেছাদাৰী কৰ্মীটোৱে হৈছে নাৰ্ছ।

ৰাজ্যপাল আচাৰ্যই কয়, ‘সকলো ধৰণৰ কৌশল তথা পেছাদাৰী জ্ঞান আহৰণ কৰি আজি বহুতো মহিলাই নাৰ্ছিং সেৱাত জড়িত হৈ পৰিছে’।

ৰাজ্যৰ সকলো জনসাধাৰণকে নিষ্ঠা আৰু অতি নিয়াৰিকৈ স্বাস্থ্য সেৱা আগবঢ়ায় যোৱা নাৰ্ছসকলক ধন্যবাদ জ্ঞাপন কৰিবলৈ ৰাজ্যপাল পি বি আচাৰ্যই আহ্বান জনায়।

Related News