নিৰ্বাচন অভিমুখী ত্ৰিপুৰাত বিজেপি কৰ্মীক নৃশংস হত্যা

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে যোৱা শনিবাৰে ত্ৰিপুৰাত এজন বিজেপি কৰ্মীৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। নতুনকৈ বিজেপিত যোগদান কৰা উক্ত কৰ্মীজনক চি পি আই এমৰ কেডাৰে হত্যা কৰাৰ অভিযোগ তুলিছে জ্যেষ্ঠ বিজেপি নেতা তথা মুখপাত্ৰ সুনীল দেউধৰে। প্ৰাপ্ত তথ্য মতে সুনীল দেৱ বুলি চিনাক্ত হোৱা নিহত লোকজনৰ ক্ষতবিক্ষত মৃতদেহ উত্তৰ-ত্ৰিপুৰাৰ কাঞ্চনপুৰৰ বজাৰৰ কাষত উদ্ধাৰ কৰা হৈছিল। উক্ত হত্যাকাণ্ডটোত চি পি আই এম জড়িত আছে বুলি অভিযোগ তুলি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুনীল দেউধৰে কয় যে প্ৰাক্তন চি পি আই এম কৰ্মী সুনীল দেৱে অলপতে উক্ত দলটোৰ পৰা ওলাই আহি বিজেপিত যোগদান কৰাৰ বাবে তেওঁক হত্যা কৰা হৈছে। বাঁও শাসিত ত্ৰিপুৰাত বছৰটোত বিজেপি কৰ্মীৰ ওপৰত হোৱা এইটো পঞ্চমটো হত্যাকাণ্ড বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনত বিৰোধী দলৰ কৰ্মী-সমৰ্থক সকল সদায় মৃত্যুৰ ভয়ত থাকিব লগা হয়। ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দি দেউধৰে ৰাজ্যখনত আৰক্ষীৰ ভূমিকাকো সমালোচনা কৰি কয় যে আৰক্ষীয়ে চি পি আই এমৰ কেডাৰৰ নিচিনাকৈ কাম কৰি আহিছে। মন কৰিব লগীয়া যে আজি কিছু দিনৰ আগতে বিজেপিৰ অন্য এজন কৰ্মী গড় হৰি মলছমক উদয়পুৰৰ কিল্লা আৰক্ষী চকীৰ অন্তৰ্গত ৰাইপাৰা গাঁৱত কোনো অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰিছিল। দেউধৰে উক্ত হত্যাকাণ্ডটোটো চি পি আই এম জড়িত আছিল বুলি অভিযোগ কৰে। ইয়াৰ উপৰি যোৱা দুইমাহৰ ভিতৰত ত্ৰিপুৰাত দুজনকৈ সাংবাদিকৰ হত্যাকাণ্ড সংঘটিত হৈ যায়। নিৰ্বাচনৰ প্ৰাকক্ষণত হৈ অহা এই ধৰণৰ হত্যাকাণ্ডই ৰাজ্যখন অস্থিৰ কৰি অহাৰ লগতে প্ৰতিবাদ, বন্ধ আৰু  বিভিন্ন ধৰণৰ হিংসাত্মক কাৰ্যকলাপে সাধাৰণ ৰাইজৰ  জন-জীৱন ব্যাহত কৰি তুলিছে।