নিৰ্বাচনৰ সময়ছোৱাত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) নিয়োগৰ পোষকতা মেঘালয় চৰকাৰৰ

মেঘালয়ত অহা বছৰৰ ফেব্ৰুৱাৰি-মাৰ্চত হ’ব লগা বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (CAPFs) অতিৰিক্ত কোম্পানীৰ প্ৰয়োজন হ’ব নে নহয় সেই কথা বিবেচনা কৰি আছে। এই তথ্য দিছে মেঘালয়ৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বি এল বুৱামে। ‘আমি নিৰ্বাচনৰ সময়খিনিৰ বাবে নিৰাপত্তা বাহিনীৰ অতিৰিক্ত কোম্পানীৰ দৰকাৰ হ’ব নে নহয় সেই কথা ফঁহিয়াই চাই আছো। কিমান লাগিব সেই কথা এতিয়াও ক’ব পৰা অৱস্থাত নাই। জানুৱাৰিৰ প্ৰথম ভাগতে এইটো নিশ্চিত কৰা হ’ব।’ তেওঁ কয়।

উল্লেখযোগ্য যে যোৱা ২২ আৰু ২৩ ডিচেম্বৰত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত অচল কুমাৰ জ্যোতিৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ এটা দলে ৰাজ্যখন ভ্ৰমণ কৰি নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লৈ গৈছেহি। উক্ত ভ্ৰমণৰ সময়ত মেঘালয়ৰ মুখ্য নিৰ্বাচনী বিষয়া এফ আৰ খাৰকংগৰ, বিভিন্ন জিলাৰ উপায়ুক্তসকল, আৰক্ষী অধীক্ষক আৰু বিভিন্ন ৰাজনৈতিক দলবোৰৰ প্ৰতিনিধিৰ সৈতে নিৰ্বাচন সম্পৰ্কীয় পৰ্য্যালোচনাত মিলিত হৈছিল দলটো। দলটোৱে মেঘালয়ৰ মুখ্য সচিব আৰু ডি জি পি এছ বি সিঙকো লগ কৰিছিল।

জানিব পৰামতে ৰাজ্য চৰকাৰে নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণ হোৱাৰ স্বাৰ্থত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (CAPFs) নিয়োগ কৰাটো বিচাৰিছে।

আনহাতে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ সূত্ৰটোৱে কয় যে স্পৰ্শকাতৰ তথা জটিল যেন লগা ভোটকেন্দ্ৰ চিনাক্ত কৰাৰ বাবে কিছুমান কাৰক বিবেচনা কৰি থকা হৈছে। বিশেষকৈ ভোটকেন্দ্ৰবোৰ থকা ঠাই, ৰাজনৈতিক শত্ৰুতাৰ প্ৰকাৰ, অতীতৰ তথ্য আদি বিবেচনা কৰা হ’ব।

উল্লেখযোগ্য যে মেঘালয়ত ৬০ টা সমষ্টিৰ মুঠ ৩,০৮২ টা ভোটকেন্দ্ৰ আছে। আনহাতে এইবোৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচনত ই ভি এমৰ ব্যৱহাৰৰ লগতে Voter verified paper audit trails (VVPATs) প্ৰযোজ্য কৰা হ’ব। অৱশ্যে প্ৰতিটো সমষ্টিৰ মাত্ৰ এটা ভোটকেন্দ্ৰৰ পৰাহে এই ভি ভি পি এ টি গণনা কৰা হ’ব।