NORTHEAST NOW (Assamese)

নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত পুনৰ পিঞ্জৰাবদ্ধ নাহৰফুটুকী

March 25, 2018 12:57 pm · উত্তম শইকীয়া

নুমলীগড়ৰ শোধনাগাৰ নগৰাঞ্চলত দেওবাৰে পুৱা পুনৰ এজনী নাহৰফুটুকী বাঘিনী পিঞ্জৰাবদ্ধ হৈছে ।

এটা সপ্তাহৰ পূৰ্বে নগৰাঞ্চলৰ একেটা অঞ্চলৰ পৰাই আৰু এজনী নাহৰফুটুকী বাঘিনী পিঞ্জৰাবদ্ধ হৈছিল ৷

নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলৰ কাষতেই আছে দেওপাহাৰ সংৰক্ষিত বনাঞ্চল ৷ দেওপাহাৰ সংৰক্ষিত বনাঞ্চল নাহৰফুটুকী বাঘৰ গুৰুত্বপূৰ্ণ আৱাস ৷

এই বনাঞ্চলৰে এক অংশত পকী দেৱাল নিৰ্মাণ কৰি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই নগৰাঞ্চল সম্প্ৰসাৰণ কৰিছিল ৷

গোলাঘাট জিলা প্ৰশাসনে যোৱা ১৩ মাৰ্চত এই অংশত নুমলীগড় শোধনাগাৰে নিৰ্মাণ কৰা পকী দেৱাল ভাঙি বেদখলমুক্ত কৰিছিল ৷

দেওপাহাৰ বনাঞ্চলৰ কাষৰীয় চাহ বাগিছাতো নাহৰফুটুকী বাঘৰ বিচৰণ দেখা যায় ৷ নগৰাঞ্চলত সঘনে নাহৰফুটুকী বাঘ দেখি থকা বুলি নগৰাঞ্চলৰ বাসিন্দাই কৰা অভিযোগৰ পাচতেই অঞ্চলটোত গোলাঘাট বন বিভাগে পিঞ্জৰা পাতিছিল ৷

এই পিঞ্জৰাতেই দেওবাৰে পুৱা পিঞ্জৰাবদ্ধ হোৱা নাহফুটুকী বাঘিনী জনীক পিছত দেওপাহাৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে নুমলীগড়ৰ বন কৰ্মীয়ে।

Related News