NORTHEAST NOW (Assamese)

নুৰুদ্দিন আহমেদ ট্ৰফী: মঙলদৈ ষ্টেডিয়ামত বঙাইগাঁও আৰু শিলচৰৰ মাজত অনুষ্ঠিত হ’ব প্ৰথমখন ছেমি ফাইনেল

April 19, 2018 7:56 pm · ময়ূখ গোস্বামী

নুৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্টৰ সময়সূচী ঘোষণা। প্ৰতিযোগিতাখনৰ প্ৰথমখন ছেমি ফাইনেল মেচ অহা ২১-২৩ এপ্ৰিললৈ মঙলদৈ ক্ৰীড়া সন্থা ষ্টেডিয়ামত বঙাইগাঁও আৰু শিলচৰৰ মাজত অনুষ্ঠিত হ’ব ।

আনহাতে প্ৰতিযোগিতাখনৰ দ্বিতীয়খন ছেমি ফাইনেল মেচ গুৱাহাটী আৰু নগাঁওৰ মাজত অনুষ্ঠিত হ’ব গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত।

ইফালে মঙলদৈ ষ্টেডিয়ামত গুৱাহাটী আৰু লখীমপুৰৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ গুৰুত্বপূৰ্ণ কোৱাৰ্টাৰ মেচখন আজি ড্ৰ ৰূপে সমাপ্ত হয়। বৰ্ষাবিঘ্নিত মেচখনত এটাও ইনিংছ খেলিব নোৱাৰাৰ অন্তত আজি দুয়োটা দলকে এক পইণ্টকৈ ভগায় দিয়ে।

উল্লেখ্য যে মঙলদৈ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ কোৱাৰ্টাৰ ফাইনেল খেলখন পৰিত্যক্ত বতৰৰ বাবে প্ৰথম দিনাৰ খেল বাতিল কৰে। ইফালে দুঘণ্টা পলমকৈ আৰম্ভ হোৱা দ্বিতীয় দিনাৰ খেলত প্ৰথমে বেটিং ধৰা গুৱাহাটীয়ে ৫৫.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱায় ২৩২ ৰান কৰিবলৈ সক্ষম হয়।

গুৱাহাটী দলৰ হৈ প্ৰীতম দেৱনাথে মাত্ৰ ২৯ টা বলতে বিস্ফোৰক ৭২ ৰানৰ ইনিংছ খেলাৰ উপৰি ১৯ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা ৰিয়ান পৰাগে ধৈৰ্য্শীলতাৰ নিদৰ্শন দাঙি ধৰি ১০৯ টা বলত গুৰুত্বপূৰ্ণ ৬৭ ৰানৰ ইনিংছ উপহাৰ দিয়ে।

ইফালে লখীমপুৰৰ ঋষিকেশ বৰাই ৬১ ৰান ব্যয় কৰি চাৰিটা আৰু নয়ন জ্যোতি বৰুৱাই ৫৪ ৰানৰ বিনিময়ত তিনিটা উইকেট লাভ কৰে।

Related News