NORTHEAST NOW (Assamese)

‘নেডা’ৰ অধিৱেশনত অমিত শ্বাহৰ উপস্থিতিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী অতুল বৰাৰ

May 20, 2018 2:11 pm · কল্পজ্যোতি শইকীয়া

গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত হৈ থকা ‘নেডা’ৰ তৃতীয় বাৰ্ষিক অধিৱেশনত বিজেপিৰ সভাপতি অমিত শ্বাহৰ উপস্থিতিতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবী উত্থাপন কৰিলে মিত্ৰজোঁটৰ অগপ মন্ত্ৰী অতুল বৰাই।

ভাষণ প্ৰসংগত অগপ সভাপতি বৰাই লগতে তেওঁ কয়— ‘অসমীয়াৰ আৱেগজড়িত হৈ থকা অসম চুক্তিৰ আধাৰত বিদেশী চিনাক্তকৰণ হেৱাটো বাঞ্চনীয়। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ অসমীয়াৰ অস্তিত্বৰ প্ৰতি এক ভাবুকি স্বৰূপ। সেয়েহে এই বিধেয়ক বাতিল কৰিব লাগে’।

অধিৱেশনত উপস্থিত থকা বিপিএফৰ মুৰব্বী হাগ্ৰামা মুহিলাৰীয়ে অগপ সভাপতি গৰাকীৰ  কথাৰ প্ৰতি সঁহাৰি জনাই কয় যে এই সমস্যাৰ এনেভাৱে সমাধান হ’ব লাগে যাতে সাপো মৰক লাঠিও নাভাঙক।

উল্লেখযোগ্য যে অতুল বৰা আৰু হাগ্ৰামা মহিলাৰীৰ বাহিৰে উত্তৰ- পূবৰ কোনো এজন মুখ্য মন্ত্ৰীয়ে নিজৰ ভাষণত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিষয়টো উল্লেখ নকৰিলে। সকলোৱে কেৱল নিজ নিজ ৰাজ্যত মোদী চৰকাৰৰ নেতৃত্বত বিকাশৰে ভৰি পৰা বুলি প্ৰশংসাত পঞ্চমুখ হৈ পৰে।

বিজেপি মিত্ৰজোঁট চৰকাৰৰ অন্যতম অংশীদাৰি দল অগপৰ সভাপতি বৰাই এইদৰে অমিত শ্বাহৰ উপস্থিতিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতা কৰাটো মনকৰিবলগীয়া।

 

Related News