বৰষুণ, শিলাবৃষ্টিত ক্ষতিগ্ৰস্তক সাহায্য : মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক

m-5-570x320

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই তেওঁৰ কেবিনেট সতীৰ্থ আৰু মুখ্য সচিব, দুৰ্যোগ ব্যৱস্থাপনাৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে শনিবাৰে এখন জৰুৰী বৈঠক আহ্বান কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত হোৱা গাওঁসমূহত শীঘ্ৰেই সাময়িক সাহায্য প্ৰদানৰ নিৰ্দেশ দিছে। প্ৰাথমিক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৫০ খনতকৈয়ো অধিক গাওঁ শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

চৰকাৰে ঘৰ, শস্য পথাৰ, পশুধন আৰু আন সা-সম্পত্তিৰ সামগ্ৰিক ক্ষয়-ক্ষতিৰ হিচাপ-নিকাচ চলাই আছে।

‘’ চৰকাৰৰ মূল লক্ষ্য হৈছে জনসাধাৰণক অধিকতম সহায় আগবঢ়োৱা। সংশ্লিষ্ট সকলো বিভাগকে জনসাধাৰণৰ ওচৰলৈ গৈ তেওঁলোকৰ প্ৰয়োজন অনুসাৰে সহায় কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আক্ৰান্ত হোৱা গাওঁবোৰত সাময়িকভাৱে সাহায্য আগবঢ়োৱাৰ বাবে আমি যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছো,’’- মুখ্যমন্ত্ৰী চাংমাই জানিবলৈ দিয়ে।

বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলত বতৰৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ ৰাজ্যসমূহে দুৰ্যোগ ব্যৱস্থাপনা বিভাগটো শক্তিশালী কৰা আৰু সাজু কৰি ৰখাটো অত্যন্ত জৰুৰী হৈ পৰিছে।

বিগত কেইদিনত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বৰষুণৰ লগতে ধুমুহা, ঢেৰেকনি, বজ্ৰপাত, শিলাবৃষ্টি হৈ থকাৰ ফলত বহু ধন-জনৰ ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে।