NORTHEAST NOW (Assamese)

নৈমিত্তিক পথ দুৰ্ঘটনা : নলবাৰীৰ দৌলাশালত গাড়ী-বাইকৰ মুখামুখি সংঘৰ্ষ, আহত চাৰিগৰাকী

July 15, 2018 10:26 pm · এন ই নাও নিউজ

অসমত নৈমিত্তিক ঘটনাত পৰিণত হোৱা পথ দুৰ্ঘটনাৰ ধাৰাৱাহিকতা অব্যাহত ৰাখি নলবাৰীৰ দৌলাশালত আজি ১৫ জুলাইৰ আবেলি এখন সৰু গাড়ী আৰু বাইকত চাৰিগৰাকী লোক গুৰুতৰ ভাৱে আহত হয়।

স্থানীয় ৰাইজে ততাতৈয়াকৈ আটাইকেইগৰাকীকে দৌলাশাল প্ৰাথমিক চিকিৎসালয়লৈ আনে যদিও গুৰুতৰ ভাৱে আহত বাইক আৰোহী ফাৰুক আহমেদ (৩৬ বছৰীয়া) আৰু ৰিমছাহ বেগমক (২৮ বছৰীয়া)ক গুৱাহাটীলৈ আৰু গাড়ী আৰোহী বিভা দাস (৩৭ বছৰীয়া) আৰু প্ৰেমদা দাস (৬০ বছৰীয়া)ক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

প্ৰত্যক্ষদৰ্শীৰ মতে গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী এ এচ ০১ ডিপি ৮৫২৬ নম্বৰৰ কুইড গাড়ী আৰু বৰপেটা দিশৰ পৰা আহি থকা এ এচ ১৪ এফ ৮৯২৫ নম্বৰৰ গ্লেমাৰ বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতে ঘটনাটো ঘটে।

আহত ফাৰুক আহমেদ আৰু ৰিমছাহ বেগমৰ ঘৰ বৰক্ষেত্ৰীৰ লাৰকুছিত আৰু বিভা দাস আৰু প্ৰেমদা দাসৰ ঘৰ বৰপেটাৰ গান্ধী নগৰত বুলি জানিব পৰা গৈছে।

Related News