নৈমিত্তিক পথ দুৰ্ঘটনা : বোকাখাতত ট্ৰেক্টৰ বাগৰি গুৰুতৰভাৱে আহত বাগিচাৰ শ্ৰমিক

accident at bokakhat

অসমত নৈমিত্তিক ঘটি থকা পথ দুৰ্ঘটনাৰ ধাৰাৱাহিকতা ৰক্ষা কৰি বোকাখাতৰ লখৌজান চাহ বাগিচাত এখন ট্ৰেক্টৰৰ দুৰ্ঘটনাত আজি ৯ জুলাইত ৬ গৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হয়৷

বাগিছাৰ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত আঘাত গুৰুতৰ হোৱা বাবে শ্ৰ্মককেইজনক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷

আহত শ্ৰমিককেইজন হ’ল অজয় তাঁতী, বিৰেছ তাঁতী, প্ৰদীপ বাউৰী, বাবাতো ভূমিজ, ছোটো বাউৰী আৰু ভাইটি নাহক৷ কেইজনেই লখৌজান চাহ বাগিচাৰ শ্ৰমিক৷

দুপৰীয়া শ্ৰমিকে তোলা পাত বোজাই কৰি অহা এখন ট্ৰেক্টৰৰ টেইলাৰ পথৰ পৰা বাগৰি পৰাৰ ফলত টেইলাৰত থকা শ্ৰমিককেইগৰাকী গুৰুতৰভাৱে আহত হয়৷

বাগিচাখনৰ বেয়া পথৰ বাবেই এই ঘটনা সংঘটিত হ’বলৈ পালে বুলি বাগিচাখনৰ শ্ৰমিকসকলে মন্তব্য কৰিছে৷