ন্যায্য প্ৰাপ্তিৰ দাবীত সোমবাৰৰ পৰা মেঘালয়ৰ শিক্ষকসকলৰ প্ৰতিবাদ

Conrad-K-Sangma-266x200

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ ফাইল ফটো

সোমবাৰৰ পৰা মেঘালয়ৰ শিক্ষকসকলে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিব প্ৰতিবাদ। দীৰ্ঘদিন ধৰি ৰাজ্যখনৰ শিক্ষকসকলে চৰকাৰৰ ওচৰত দৰমহা সংশোধনী কাৰ্যকৰী কৰাৰ বাবে দাবী জনাই আহিছিল যদিও এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈয়ে প্ৰতিবাদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মেঘালয়ৰ দুটা শিক্ষক সংগঠন ক্ৰমে খাচি জয়ন্তীয়া ডেফিছিত স্কুল টিচাৰ্ছ এছ’চিয়েশ্যন আৰু গাৰো হিলছ ডেফিছিত স্কুল টিচাৰ্ছ এণ্ড এম্প্ল’য়িজ এছ’চিয়েশ্যনে যুটীয়াভাৱে প্ৰতিবাদৰ সিদ্ধান্ত গ্ৰহণ কৰে।

খাচি জয়ন্তীয়া ডেফিছিত স্কুল টিচাৰ্ছ এছ’চিয়েশ্যনৰ সভাপতি এ ডি নংছিয়াঙে সংবাদ মাধ্যমৰ আগত জানিবলৈ দি কয় যে সোমবাৰ আৰু মঙলবাৰে হাতত কলা কাপোৰ পৰিধান কৰি প্ৰতিবাদৰ আৰম্ভণি কৰা হ’ব। আৰু তাৰ পাছত তৃতীয় দিনা অৰ্থাৎ বুধবাৰে উলিওৱা হ’ব সমদল।

‘চৰকাৰে আমাৰ দাবীৰ প্ৰতি সহাৰি জনাই কেবিনেটত এই দাবী অনুমোদৰ বাবে লৈ যাব বুলিয়েই আমি দীৰ্ঘদিনে আশাবাদী হৈ আছিলো। কিন্তু আজিলৈ একো পৰিৱৰ্তনে নহ’ল’। এই কথা সদৰী কৰে নংছিয়াঙে।

উল্লেখ্য যে যোৱা ২৭ এপ্ৰিলত শিক্ষক সংগঠন দুটাৰ প্ৰতিনিধিয়ে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ বাবে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাক সাক্ষাত কৰে। ইয়াৰ উপৰি ২৪ এপ্ৰিলতে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ল’কমেন ৰিমবুইক সাক্ষাত কৰি বিষয়টো সন্দৰ্ভত গভীৰ আলোচনা কৰা বুলি জনায়।

নংছিয়াঙে এই সন্দৰ্ভত কয় যে মুখ্য মন্ত্ৰীয়ে বিষয়টোৰ গুৰুত্ব বুজি ১০ দিনৰ ভিতৰতে কেবিনেটত এই দাবী উত্থাপন কৰি বিষয়টো নিষ্পত্তি কৰাৰ আশ্বাস প্ৰদান কৰিছিল। কিন্তু এমাহ উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত শিক্ষকসকলৰ ন্যায্য দাবীসমূহ পূৰণ কৰাৰ বাবে চৰকাৰে অনিহা প্ৰদৰ্শন কৰাতো সন্দেহজনক বুলিও সংগঠনটোৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে।

ইফালে এই সন্দৰ্ভত মুখ্য মন্ত্ৰী চাংমাই কয় যে তেওঁলোকৰ দাবীসমূহ কাৰ্যকৰী কৰাৰ পূৰ্বে কিছু কৰণীয় কাম আছে আৰু এই কামসমূহ সম্পূৰ্ণ হ’লে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম।

স্মৰ্তব্য যে মেঘালয়ৰ ৬৬৮৬ গৰাকী ডেফিচিত স্কুলৰ শিক্ষকে এইদৰে সোমবাৰৰ পৰা গ্ৰহণ কৰিব প্ৰতিবাদ।