NORTHEAST NOW (Assamese)

ন্যায়াধীশ তৰুণ আগৰৱালা মেঘালয় উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ

February 7, 2018 12:02 pm · এন ই নাও নিউজ

মেঘালয় উচ্চ ন্যায়ালয়ৰ নতুন ন্যায়াধীশ নিযুক্তি দিয়া হৈছে। এই কথা ৰাষ্ট্ৰপতি ভৱনৰ এটা সূত্ৰত প্ৰকাশ। দেশৰ মুখ্য ন্যায়াধীশৰ সৈতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কেইবাটাও আলোচনাত মিলিত হোৱাৰ পিছত আগৰৱালাক নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হয় বুলি সূত্ৰটোৱে জনাইছে।

৬ ফেব্ৰুৱাৰিত জাৰি কৰা এখন জাননীৰ জৰিয়তে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশজনৰ এই নিযুক্তি নিশ্চিত কৰা হৈছে। তেওঁ কাৰ্য্যভাৰ লোৱা দিনৰ পৰাই এই নিৰ্দেশটো কাৰ্য্যকৰী হ’ব বুলি জাননীখনত কোৱা হৈছে।

আনহাতে ৰাষ্ট্ৰপতিৰ আন এটা নিৰ্দেশৰ জৰিয়তে বৰ্তমান মেঘালয় উচ্চ ন্যায়্যালয় মুখ্য ন্যায়াধীশ ন্যায়াধীশ দিনেশ মহেশ্বৰীক কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে বদলি কৰা হৈছে। তেওঁক অহা ২০ ফেব্ৰুৱাৰিৰ পূৰ্বে দায়িত্বত যোগদান কৰিবলৈ কোৱা হৈছে।

উল্লেখযোগ্য যে এলাহাবাদ নিৱাসী ন্যায়াধীশ তৰুণ আগৰৱালা এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক আছিল। তেওঁ ১৯৮১ চনত অধিবক্তা হিচাপে নিজৰ নাম পঞ্জীয়ন কৰিছিল।

সূত্ৰটোৱে কয় যে কলেজিয়ামে (collegium) ন্যায়াধীশ আগৰৱালা আৰু ন্যায়াধীশ দিনেশ মহেশ্বৰীৰ ৰদবদলৰ বাবে লোৱা সিদ্ধান্তত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাইছে।

Related News