নৰ্থ-ইষ্ট কিক বক্সিং চেম্পিয়নশ্বিপক লৈ কোকৰাঝাৰত ব্যাপক প্ৰস্তুতি

অহা জুলাইত বিটিএডিৰ সদৰ কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া তৃতীয় নৰ্থ ইষ্ট কিক বক্সিং চেম্পিয়নশ্বিপক লৈ ব্যাপক প্ৰস্তুতি চলিছে৷

উল্লেখযোগ্য যে কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী স্প’ৰ্টছ অথ’ৰিটি অৱ ইণ্ডিয়া চমুকৈ ছাই কমপ্লেক্সত ১২ জুলাইৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখন ৷

ইতিমধ্যে প্ৰতিযোগিতাখন নিয়াৰিয়াকৈ পৰিচালনা কৰিবলৈ চিমচন মুছাহাৰীক সভাপতি আৰু লখেন্দ্ৰ ৰায়ক সম্পাদক হিচাপে লৈ এক শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে৷ বিটিচি কিক বক্সিং সন্থাৰ সভাপতি নিপেন চন্দ্ৰ ৰায়ে সদৰী কৰা মতে প্ৰতিযোগিতাত উত্তৰ- পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ পৰা চাৰি শতাধিক খেলুৱৈ অংশ গ্ৰহণ কৰিব ৷

উল্লেখযোগ্য যে তৃতীয় নৰ্থ ইষ্ট কিক বক্সিং প্ৰতিযোগিতাৰ অভ্যৰ্থনা সমিতিৰ এক বৰ্ধিত কাৰ্যনিৰ্বাহক সভা যোৱা শুকুৰবাৰে কোকৰাঝাৰস্থিত বড়োলেণ্ড অতিথিশালাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷  সভাত মহাৰাষ্ট্ৰৰ পুনেত যোৱা জানুৱাৰীত অনুষ্ঠিত হৈ যোৱা কিক বক্সিং অপেন ইণ্ডিয়া প্ৰতিযোগিতাত পদক অৰ্জন কৰিবলৈ সক্ষম হোৱ বিটিচি এলেকাৰ ১৪ গৰাকী খেলুৱৈক বিটিচি কিক বক্সিং সন্থাই একোখনকৈ মানপত্ৰৰে সম্বৰ্ধনা জনায়৷

তদুপৰি বিটিচি কিক বস্কিং সন্থাৰ অধীনত সুখ্যাতিৰে প্ৰশিক্ষণ সমাপ্ত কৰা ২৩গৰাকী খেলুৱৈকো সভাৰ জৰিয়তে প্ৰমাণপত্ৰ বিতৰণ কৰা হয় বুলি বিটিচি কিক বক্সিং সন্থাৰ সভাপতিগৰাকীয়ে সদৰী কৰে ৷