NORTHEAST NOW (Assamese)

নৱনিযুক্ত ৩৪১গৰাকী কনিষ্ঠ প্ৰশাসনীয় সহায়ক, কম্পিউটাৰ অপাৰেটৰক নিয়ুক্তি পত্ৰ বিতৰণ

May 21, 2018 10:43 pm · এন ই নাও নিউজ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত জনতা ভৱনত নতুনকৈ নিয়ুক্তিপ্ৰাপ্ত সৰ্বমুঠ ৩৪১ গৰাকী কনিষ্ঠ প্ৰশাসনীয় সহায়ক আৰু কম্পিউটাৰ অপাৰেটৰক নিয়ুক্তি পত্ৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে এক সুনিৰ্দিষ্ট প্ৰক্ৰিয়াৰে অনুষ্ঠিত কৰা বাছনি পৰীক্ষাৰ জৰিয়তে সৰ্বমুঠ ৪০ হাজাৰ আবেদনকাৰীৰ পৰা ১৭৪ গৰাকী কনিষ্ঠ প্ৰশাসনীয় সহায়ক আৰু ৭৫ হাজাৰ আবেদনকাৰীৰ পৰা ১৬৭ গৰাকী কম্পিউটাৰ অপাৰেটৰৰ আজি নিযুক্তি প্ৰাপ্ত প্ৰাৰ্থীক নিৰ্বাচন কৰি নিয়ুক্তি পত্ৰ প্ৰদান কৰে।

ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে ৰাজ্যখনৰ পৰিকাঠামোৰ দিচপুৰ হ’ল স্নায়ু কেন্দ্ৰ। ৰাজ্যখনৰ ৩৩ খন জিলাৰ জনসাধাৰণে বিভিন্ন কামৰ বাবে ৰাজ্যৰ ৰাজধানী দিচপুৰলৈ আহে।

গতিকে মুখ্য মন্ত্ৰী গৰাকীয়ে জনতা ভৱনৰ কাম-কাজত উল্লেখযোগ্য ভূমিকা লোৱা কনিষ্ঠ প্ৰশাসনীয় সহায়ক আৰু কম্পিউটাৰ অপাৰেটৰ সকলক জনতা ভৱনলৈ অহা প্ৰতি গৰাকী ব্যক্তিৰ ওজৰ-আপত্তি নিৰাময়ৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বচ্ছ আৰু মানৱীয় দৃষ্টিভংগিৰে কাম কৰাৰ বাবে আহ্বান জনায়।

আনহাতে অনুষ্ঠানতে সততা, স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা বৰ্তমানৰ চৰকাৰখনৰ মুখ্য অগ্ৰাধিকাৰ বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰি কয় যে এই বিষয় সমূহক বিশেষ গুৰুত্ব দিয়া হোৱা নাছিল।

অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, সচিবালয় প্ৰশাসন বিভাগৰ প্ৰধান সচিব জিষ্ণু বৰুৱাৰ উপৰি কেইবাগৰাকী জ্যেষ্ঠ বিষয়াৰ লগতে গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।

Related News