পঞ্চায়ত নিৰ্বাচনত অকলেই যুঁজিব অগপই : স্থিতি স্পষ্ট কৰিলে সভাপতি অতুল বৰাই

AGP-Presedent-ATUL-BORA-570x320

ফাইল ফটো।

অগপ দলৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই নিজ দলৰ স্থিতি স্পষ্ট কৰি পঞ্চায়ত নিৰ্বাচনত অকলেই যুঁজ দিয়াৰ কথা সদৰী কৰিছে। ইপিনে পঞ্চায়ত নিৰ্বাচনত আঞ্চলিক দলটোৰ সৈতে মিত্ৰতাৰ সুযোগ বিচাৰি থকা বিজেপিৰ বাবে ই অস্বস্তিৰ কাৰণ হৈ পৰাৰ সম্ভৱনা আছে।

সাংবাদিকৰ সৈতে বাৰ্তালাপত অতুল বৰাই কয় যে পঞ্চায়ত নিৰ্বাচনত অগপই অকলে অৱতীৰ্ণ হ’ব। দলটোৱে ইতিমধ্যে সাংগঠনিক ভেটি সুদৃঢ় কৰি তোলাৰ দাবী কৰি বিগত সময়ছোৱাত তৃণমূল পৰ্যায়ত দলক শক্তিশালী কৰি তোলাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি বৰাই ব্যক্ত কৰে।

আগন্তুক পঞ্চায়ত নিৰ্বাচনত দলটোৱে যথেষ্ট ভাল ফলাফল প্ৰদৰ্শন কৰিব বুলি দল নিশ্চিত হৈছে। সেয়েহে অগপই আন কোনো দলৰে সৈতে মিত্ৰতা কৰাৰ কথা চিন্তা কৰা নাই। অগপৰ সভাপতিগৰাকীৰ এনে স্পষ্ট স্থিতিয়েই বিজেপিৰ সৈতে মিত্ৰতাৰ সম্ভাৱনাক নস্যাৎ কৰিলে।

বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দুবছৰীয়া কাৰ্যকালত ৰাইজৰ আশা-আকাংখা পূৰণত ব্যৰ্থ হোৱাৰ পিছত আঞ্চলিক দলটোৰ সৈতে যদি মিত্ৰতা অক্ষুন্ন নাথাকে তেতিয়া বিজেপিৰ বাবে পয়মালৰ সৃষ্টি হোৱাটো একপ্ৰকাৰ নিশ্চিত।

আনহাতে, অগপ-বিজেপিৰ মিত্ৰতা প্ৰসংগটো সিদ্ধান্ত লোৱাৰ বাবে গঠন কৰা নীতি নিৰ্ধাৰণ কমিটিৰ পৰা অধ্যক্ষ প্ৰশান্ত ফুকনে পদত্যাগ কৰাৰ পিছত বিষয়টো জটিল হৈ পৰিছে। যদিও দলীয়ভাৱে প্ৰশান্ত ফুকনৰ পদত্যাগৰ কথা অস্বীকাৰ কৰা হৈছে, প্ৰশান্ত ফুকনে কিন্তু তেওঁ পদত্যাগ কৰা কথাটো ইতিমধ্যে স্পষ্ট কৰি দিছে।

এতিয়া বিজেপিৰ আভ্যন্তৰীণ কন্দলে দলটোক আগন্তুক পঞ্চায়ত নিৰ্বাচনত শলঠেকত পেলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আনহাতে, পঞ্চায়ত নিৰ্বাচনত ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হ’লে পৰৱৰ্তী লোকসভা নিৰ্বাচনতো আঞ্চলিক দলটোৱে কেইবাখনো আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে। লোকসভা নিৰ্বাচনতো যদি অগপ-বিজেপিৰ মিত্ৰতা অটুট নাথাকে তেতিয়া গেৰুৱা দলটোৰ বাবে আগন্তুক সময় বৰ সুখকৰ ন’হব।