পঞ্চায়ত নিৰ্বাচনত অগপ-বিপিএফৰ সৈতে একেলগে প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ

Ranjeet Das BJP to launch campaign against CAA misinformation

ৰঞ্জিত দাসৰ ফাইল ছবি।

আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপ-বিপিএফৰ সৈতে একেলগে প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত দিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। আজি সংবাদ মাধ্যমৰ আগত দাসে ই সম্ভাৱনা প্ৰকাশ কৰে। অৱশ্যে তেওঁ কয় যে মিত্ৰতাৰ প্ৰসংগত বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশেই হ’ব চূড়ান্ত নিৰ্দেশ।

উল্লেখযোগ্য যে যোৱা মাৰ্চত অসম ভ্ৰমণলৈ আহোতে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অহা লোকসভা পৰ্য্যন্ত ৰাজ্যখনত অগপ আৰু বিপিএফৰ সৈতে মিত্ৰতা অটুট থকাৰ ইংগিত দিছিল।

আজি এক সংবাদমেলৰ জৰিয়তে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে অহা ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হ’ব লগীয়া পঞ্চায়ত নিৰ্বাচনত অগপ-বিপিএফৰ সৈতে মিত্ৰতাৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা ব্যক্ত কৰে।

কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি আৰু ৰাজ্যিক চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে দিচপুৰস্থিত গড়কাপ্তানী বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত সম্বোধন কৰা সংবাদমেলত অংশগ্ৰহণ কৰি আওপকীয়াকৈ এই কথাকে সদৰী কৰে ৰঞ্জিত দাসে।

তেওঁ লগতে কয়, “ভাৰতত পুনৰ এন ডি এ চৰকাৰ গঠন কৰিবলৈ হ’লে মিত্ৰ দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ তথা মিত্ৰ দলসমূহেও এই ক্ষেত্ৰত সাংগঠনিক প্ৰক্ৰিয়া সুন্দৰভাৱে আগুৱাই নিব লাগিব।”

ইয়াৰোপৰি আগন্তুক লোকসভাৰ নিৰ্বাচনত বিজেপি-অগপ-বিপিএফ দল মিলি অসমৰ ১৪খন আসনেই দখল কৰাৰ উদ্দেশ্যে সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ চেষ্টা কৰিছে বুলি আজিৰ সংবাদমেলত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।

লোকসভা নিৰ্বাচনত মিত্ৰদলৰ কোনে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেই সম্পৰ্কত তেওঁ কয়, “কোন দলক কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে দিয়া হ’ব, কোন প্ৰাৰ্থীয়ে ক’ত খেলিব এই সম্পৰ্কত ৰাষ্ট্ৰীয় কমিটিয়ে সিদ্ধান্ত ল’ব।”

তেওঁ কয় পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে নীতি নিৰ্ধাৰণ কমিটী গঠন কৰা হৈছে। এই কমিটীয়ে পঞ্চায়ত নিৰ্বাচনত অগপ-বিপিএফেৰে মিত্ৰতা সন্দৰ্ভত সিদ্ধান্ত ল’ব। মুখ্য মন্ত্ৰী আৰু বিত্ত মন্ত্ৰীক এই ক্ষেত্ৰত দায়িত্ব দিয়া হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।