পঞ্জাৱত মেঘালয়ৰ ছাত্ৰক নৃশংশ ভাবে হত্যা

উত্তৰ-পূৱৰ যুৱক-যুৱতী ভাৰতৰ অন্য প্ৰান্তত বিভন্ন সময়ত নিৰাপত্তা জনিত সমস্যাৰ সন্মুখীন হোৱাৰ উপৰিও নিৰ্যাতন, শোষণ তথা মৃত্যুৰ বলি হোৱাৰ খবৰ সততে লাভ কৰা যায়। ঠিক একেদৰে পঞ্জাৱৰ কাপুৰথলা জিলাৰ ফাগৱাৰা অঞ্চলত এজন বি.টেকৰ ছাত্ৰক উচ্চ স্বৰত গান বজোৱাৰ বাবে নৃশংশ ভাবে হত্যা কৰে।এই হত্যাৰ বলি হোৱা ছাত্ৰজন মেঘালয়ৰ আছিছ প্ৰসাদ বুলি জানিব পৰা গৈছে। ছাত্ৰজন জলন্ধৰস্থিত লাভলি প্ৰফেছনেল ইউনিভাৰ্ছিটি নামৰ ব্যক্তিগত শিক্ষানুষ্ঠান খনত শিক্ষাগ্ৰহন কৰি আছিল। হত্যা কাণ্ড সংঘটিত হোৱাৰ দিনা বন্ধুৰ জন্মদিন উপলক্ষে তেওঁৰ ঘৰত  আয়োজিত এক পাৰ্টীত নিশা উচ্চ স্বৰত গান বজোৱাৰ বাবে ওচৰৰে নিবাসীয়ে বাধা প্ৰদান কৰাত এক অৰাজক পৰিস্থিতিৰ উদ্ভৱ হয়। পিছত পৰিস্থিতি ভয়ংকৰ ৰুপ লোৱাত শিলগুটি, ৰদেৰে তীব্ৰ মাৰপিট চলে। এই মাৰপিটতে আছিছ প্ৰসাদ ঘটনাস্থলীত নিহত হয় আৰু আৰু আন এজন সহপাঠী বেয়াকৈ আঘাত প্ৰাপ্ত হয়।

পিছত আৰক্ষীয়ে আছিছৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আছিছৰ ঘৰৰ ওচৰৰ নিবাসী তথা হত্যাত জড়িত অপৰাধী নাচিব চান্দ, ভাতৃৰ উপৰিও তেওঁৰ পুত্ৰৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে।