পথ মেৰামতিৰ দাবীত চিৰাঙৰ পালেংবাৰীত পথৰ ওপৰতেই জালেৰে মাছ মাৰি প্ৰতিবাদ

আজি পুৱা ১১ বজাৰ পৰা চিৰাং জিলাৰ পালেংবাৰীত সদৌ বড়োভূমি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এ বি এমছু’ৰ বিজনী আৰু মোনাকোষা আঞ্চলিক সমিতিৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে বঙাইগাঁৱৰ পাতিলাদহাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চিৰাঙৰ পাণবাৰীলৈ যোৱা গড়কাপ্তানি পথটোৰ মেৰামতিৰ দাবীত পথৰ ওপৰত জালেৰে মাছ মাৰি ২ ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদীকাৰী সকলে অসম চৰকাৰ হায় হায়, বিটিচি চৰকাৰ হায় হায় আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

উল্লেখযোগ্য যে পথটোৰ বিভিন্ন অংশ ক্ৰমে ৰাজ্যিক বিজেপিৰ সভাপতি সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ দাস, উত্তৰ অভয়াপুৰী সমষ্টিৰ কংগ্ৰেছী বিধায়ক আব্দুল হাই নাগৰি আৰু বিজনী সমষ্টিৰ বি পি এফৰ বিধায়ক কমল সিং ব্ৰহ্মৰ অধীনত পৰে যদিও আজিলৈকে পথটো মেৰামতিৰ বাবে কোনো এজন বিধায়কে গুৰুত্ব প্ৰদান নকৰিলে।

যাৰ ফলত এতিয়া এজাক বৰষুণ আহিলেই ৰাস্তাৰ মাজত একাঁঠুলৈ পানী হয়।

নিজ নিজ সমষ্টিৰ প্ৰতিনিধিসকলৰ ওপৰত আস্থা হেৰুৱাই পেলোৱা ৰাইজে উপায়ান্তৰ হৈ প্ৰতিবাদী কাৰ্যসূচী হাতত ল’ব লগীয়া হৈছে।

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ আগতে পথটোৰ মেৰামতিৰ কাম নকৰিলে জংগী আন্দোলন কৰাৰ লগতে কোনো ৰাজনৈতিক দলৰ নেতাকে অঞ্চলটোত প্ৰবেশ কৰিবলৈ দিয়া নহ’ব বুলি আজিৰ প্ৰতিবাদস্থলীত সদৌ বড়োভূমি সংখ্যালঘু ছাত্ৰ সন্থাই হুংকাৰ দিয়ে।