পবিতৰাত গঁড়ৰ সংখ্যা বৃদ্ধিয়ে আনন্দিত কৰিছে প্ৰকৃতিপ্ৰেমীক

ৰাজ্যখনত চোৰাংচিকাৰীয়ে এটাৰ পিছত এটাকৈ গঁড় নিধন কৰি আহিছে যদিও শেহতীয়াকৈ পবিতৰা অভয়াৰণ্যত দেওবাৰে পুৱাৰ পৰা আৰম্ভ কৰা গঁড়ৰ পিয়লে ৰাজ্য খনলৈ কঢ়িয়াই আনিছে ভাল খবৰ। ইয়াৰ পূৰ্বে অভয়াৰণ্যখনত ২০১২ চনত গঁড় গণনা কৰা হৈছিল। সেই সময়ত কৰা গণনা অনুসৰি অভয়াৰণ্যখনত গঁড় সংখ্যা আছিল ৯৩ টা।

গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ পি বৰুৱাই সংবাদ মাধ্যমক জনোৱা অনুসৰি অভয়াৰণ্যখনৰ ৪৮ বৰ্গ কি. মি. জোৰা অঞ্চলত আৰম্ভ কৰা গঁড় গণনা অনুসৰি ১০২ টা গঁড় অভয়াৰণ্যখনত লাভ কৰে।লগতে বৰুৱাই বিশ্বৰ ভিতৰত পবিতৰা অভয়াৰণ্যতে গঁড়ৰ ঘন বসতি আছে বুলি কয়।

তাৰোপৰি বৰুৱাই কয় যে শেহতীয়াকৈ ৬ টা বছৰত অভয়াৰণ্যখনত ৬ টা গঁড় চোৰাংচিকাৰী হাতত নিধন হোৱাৰ উপৰি ২০ টা কৈ গঁড়ৰ স্বাভাৱিক কাৰণত মৃত্যু হয়। লগতে তেওঁ কয় যে ২০১৭ চনত হোৱা বানপানীয়ে অভয়াৰণ্যখনত বেয়াকৈ প্ৰভাৱ পেলাইছিল। পিছত বহু বহু চেষ্টাৰ অন্তত অভয়াৰণ্যখন এই বৰ্ষত স্থানীয় আৰু বিদেশী পৰ্যটকৰ বাবে মুকলি কৰিব পৰা অৱস্থালৈ আহিলে।

আনহাতে বন্যপ্ৰাণীৰ প্ৰতি সচেতন তথা ব্যক্তি সৌম্যদীপ দত্তই নৰ্থ ইষ্ট নাওক কয় যে পবিতৰাৰ এই সফল গণনাৰ বাবে বন বিভাগৰ লগতে অভয়াৰণ্যখনৰ কাষৰীয়া অঞ্চলৰ লোক সকলো কৃতজ্ঞতা পোৱা উচিত। যিহেতু পবিতৰা অভয়াৰণ্যখনৰ মাটিকালি তেনেই কম। ফলত গঁড় বিলাক অভয়াৰণ্যখনৰ পৰা ওলাই কাষৰীয়া গাঁও সমূহত বাস কৰে। ইফালে স্থানীয় গাওঁবাসীয়ে এই গঁড় সমূহক সুৰক্ষা প্ৰদান কৰে।

উল্লেখযোগ্য যে মৰিগাঁও জিলাত অৱস্থিত পবিতৰা অভয়াৰণ্যখনক ১৯৭১ চনত সংৰক্ষিত বনাঞ্চল হিচাপে আৰু পিছত ১৯৮৭ চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল।