NORTHEAST NOW (Assamese)

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত নতুন পৰ্যটক নিৱাস উদ্বোধন

March 29, 2018 12:06 pm · এন ই নাও নিউজ
Updated: March 29, 2018 3:06 pm

মৰিগাঁও জিলাত অৱস্থিত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যলৈ অহা পৰ্যটকৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে অভয়াৰণ্যখনত নিৰ্মাণ কৰা এটা নৱ নিৰ্মিত পৰ্য্টক নিৱাস কালি ৰাইজৰ বাবে মুকলি কৰা হয়।

দুই মহলীয়া উক্ত পৰ্যটক নিৱাসটো কালি অৰ্থাত বুধবাৰে ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

এই উপলক্ষে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ৰে’ল বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা নগাঁৱৰ সাংসদ ৰাজেন গোহাঁই, জাগিৰোড সমষ্টিৰ বিধায়ক পীয়ুষ হাজৰিকা আৰু নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাকে ধৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত আছিল।

অভয়াৰণ্যখনত নিৰ্মাণ কৰা নতুন পৰ্যটক নিৱাসটোত এটা সমহীয়া শয়নকক্ষ লগতে গ্ৰন্থাগাৰৰো ব্যৱস্থা ৰখা হৈছে।

ৰাজ্যিক পৰ্যটন বিভাগৰ দ্বাৰা নিৰ্মিত উক্ত নিৱাসটোৱে বন্যপ্ৰাণী অভয়াৰণ্যখনলৈ অহা পৰ্যটকসকলক উচ্চ মানৰ সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

Related News