NORTHEAST NOW (Assamese)

পল্টন বজাৰ-লখৰা পথত চলাচল কৰা অবৈধ টেম্প’ বন্ধৰ দাবী জাতীয় শ্ৰমিক পৰিষদৰ

April 23, 2018 10:41 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভাতৃ সংগঠন জাতীয় শ্ৰমিক পৰিষদৰ দক্ষিণ গুৱাহাটী শাখা সমিতিৰ লখৰা কাৰ্যালয়ত পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি প্ৰদীপ কলিতা আৰু সাধাৰণ সম্পাদক কৃষ্ণকান্ত ৰয়ৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত হয়।

সভাত গুৱাহাটীৰ অন্যতম ব্যস্ত পল্টন বজাৰ-লখৰা পথত অবৈধভাৱে চলাচল কৰা ডিজেল টেম্প’বাহন সমূহ অহা ৪৮ ঘণ্টাৰ ভিতৰত বন্ধ কৰাৰ দাবী জনাই এক সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও শ্ৰমিক পৰিষদে জিলা পৰিবহন বিষয়া, পৰিবহন আয়ুক্ত আদিক স্মাৰক পত্ৰ প্ৰদান কৰি বিষয়টো সন্দৰ্ভত অৱগত কৰাইছিল যদিও কৰ্তপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।  দক্ষিণ গুৱাহাটী শাখা সমিতিৰ সভাপতি দীপক কুমাৰ কোচ আৰু সাধাৰণ সম্পাদক বিজয় বৰাই প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে।

মনকৰিবলগীয়া যে উক্ত পথটোত ১৫১খন মেট্ৰো শ্বেয়াৰ টেক্সিৰ বাহিৰে অন্য কোনো গাড়ীয়ে যাত্ৰী অনা-নিয়া কৰাৰ অনুমতি নাই। যদিহে ৪৮ ঘণ্টাৰ ভিতৰত এই বিষয়টো সমাধান নকৰে তেনেহলে ১ মে’ৰ ভিতৰত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি প্ৰশাসনক সকীয়াই দিয়ে জাতীয় শ্ৰমিক পৰিষদৰ দক্ষিণ গুৱাহাটী শাখা সমিতিয়ে।

Related News