• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পশ্চিম বংগত মোৰ গাত সদায়ে ‘বহিৰাগত’ ছাপ লাগি আছিল : নতুন ৰাজনৈতিক দল ‘হামৰো ছিকিম’ ঘোষণা কৰি বাইচুং ভুটীয়া

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
April 26, 2018 9:33 pm
Hamro_Sikkim
103
VIEWS
Share on FacebookShare on Twitter

দেশৰ এসময়ৰ তাৰকা ফুটবলাৰ তথা অৰ্জুন বঁটা প্ৰাপক বাইচুং ভুটীয়াই আজি এটা নতুন ৰাজনৈতিক দল আনুষ্ঠানিকভাৱে ঘোষণা কৰি ছিকিমৰ ৰাজনৈতিক ক্ষেত্ৰখনত বৃহৎ জোকাৰনিৰ সৃষ্টি কৰে। ভুটীয়াৰ দলটোৰ নাম হ’ল ‘হামৰো ছিকিম’। ৰাজনৈতিক বিশ্লেষকে ইয়াক ৰাজ্যখনৰ ৰাজনীতিত এটা গুৰুত্বপূৰ্ণ অগ্ৰগতি বুলি জ্ঞান কৰা দেখা গৈছে।

উল্লেখযোগ্য যে ভুটীয়াই আজিৰ পৰা প্ৰায় দুমাহ পূৰ্বে তেওঁৰ পূৰ্বৰ দল তৃণমূল কংগ্ৰেছ ত্যাগ কৰিছিল। তৃণমূল কংগ্ৰেছত থকাৰ সময়ত প্ৰাক্তন ফুটবলাৰজন পশ্চিম বংগৰ ৰাজনীতিত সক্ৰিয় আছিল। তেওঁ ২০১৪ চনত দাৰ্জিলিং লোকসভা সমষ্টি আৰু ২০১৬ চনত শিলিগুৰি বিধানসভা সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও সফলতাৰ মুখ দেখা নাছিল।

প্ৰায় দুমাহৰ পূৰ্বে ভুটীয়াই ঘোষণা কৰিছিল যে তেওঁ ছিকিমৰ ৰাজনীতিত খোজ পেলাব আৰু তেতিয়াই তেওঁ এটা নতুন ৰাজনৈতিক দল খোলাৰ ইংগিত দিছিল।

“মোৰ একমাত্ৰ মনোযাগ হ’ল ছিকিমৰ বিকাশৰ ওপৰত। মোৰ ৰাজনীতিত যোগদানে ছিকিমৰ লগতে দেশৰ বাকী অংশৰো যুৱচামক উৎসাহিত কৰিব। আজিৰ তাৰিখত ৰাজনৈতিক নেতাই প্ৰস্তুত কৰা নীতিৰ দ্বাৰাই সকলো নিৰ্ণয় হয়। তেওঁলোকক সমালোচনা কৰা সহজ, কিন্তু ভাল মানুহবোৰ আগ বাঢ়ি আহি ৰাজনীতিৰ লেতেৰাবোৰ চাফা কৰাটো গুৰুত্বপূৰ্ণ।” ভুটীয়াই নতুন দিল্লীত দিয়া সংবাদমেলত এইদৰে কয়।

তেওঁ লগতে কয় যে ফুটবলৰ জৰিয়তে নিজৰ ভাবমূৰ্তি নিৰ্মাণ কৰিবলৈ তেওঁক ২০ বছৰৰ সময় দৰকাৰ হৈছিল আৰু এইটো ৰাজনীতিৰ বাবে অথলে যাবলৈ দিব নোৱাৰে। “মোক ফুটবলৰ জৰিয়তে নাম কৰিবলৈ ২০ বছৰ সময় লাগিছিল। মই জনসাধাৰণক প্ৰতিশ্ৰুতি দিছো যে মই এইটো ৰাজনীতিৰ নামত নষ্ট হ’বলৈ দিব নোৱাৰো।” ভুটীয়াই কয়।

আনহাতে তৃণমূল কংগ্ৰেছত থকাৰ সময়ত উপযুক্ত গুৰুত্ব নোপোৱা বুলি কৈ কয় যে পশ্চিম বংগৰ ৰাজনীতিৰ অংশো হোৱাৰ লগতে বেংগলৰ শীৰ্ষস্থানীয় ক্লাবত বহু বছৰ ধৰি খেলাৰ পিছতো তেওঁৰ গাৰ পৰা ‘বহিৰাগত’ৰ মাৰ্কা যোৱা নাছিল। সেয়ে এতিয়া তেওঁ নিজৰ শিপাৰ ওচৰলৈ গুচি আহিছে।

“মোক তৃণমূল কংগ্ৰেছৰ শীৰ্ষস্থানৰ পৰা অৱনমিত কৰা হৈছিল। এইটো পাহৰিব নোৱাৰি যে শিলিগুৰিৰ পৰা যেতিয়া মই প্ৰতিদ্বন্দ্বিতা কৰিছিলো, তেতিয়াও মোৰ পিঠিত বহিৰাগতৰ ছাপ আছিল। মই বেংগলত বহু বছৰ ধৰি খেলিছিলো। কিন্তু বহিৰাগত ছাপটো সদায়ে লাগি আছিল।” এইদৰে কয় দেশৰ অসময়ৰ জনপ্ৰিয় ফুটবলাৰজনে।

“এতিয়া মই ঘূৰি আহিছো। মোৰ পৰিয়াল, মোৰ ঘৰ সকলো ছিকিমত আছে। মই এই গৃহভূমিৰ সন্তান। মই নিজকে সংকল্পবদ্ধ কৰিবলৈ সমৰ্থ হ’ম। মই ভাবো ইয়াত মই অধিক বৰঙনি দিব পাৰিম।” এইদৰে কয় তেওঁ।
আনহাতে গোৰ্খালেণ্ড বিষয়টোত মত দি তেওঁ কয় যে তেওঁ গোৰ্খালেণ্ড বিষয়টোত তৃণমূল কংগ্ৰেছৰ স্থিতিৰ সৈতে একমত নহয়।

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd