পহুমাৰা নদীত ২৪ ঘণ্টাৰ ভিতৰত দুটাকৈ মৃতদেহ উদ্ধাৰে বজালীত চাঞ্চল্যৰ সৃষ্টি কৰিছে

Operation-in-river-Pahumara-as-part-of-the-investigation

বজালী মহকুমাৰ পাঠশালা আৰক্ষী চকীৰ অন্তৰ্গত কাৰেখোৱা গাৱঁৰ নয়াপাৰাত পহুমাৰা নদীত যোৱাকালি এটা মৃতদেহ উদ্ধাৰ হোৱাৰ প্ৰায় ২৪ ঘণ্টাৰ ভিতৰত একে ঠাইতে আজি পুনৰ এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষীসুত্ৰে জানিব পৰা অনুসৰি কালি আবেলি কাৰেখোৱা গাৱঁৰ নয়াপাৰাত পহুমাৰা নদীত উদ্ধাৰ হোৱা ব্যক্তিজনৰ মৃতদেহটো আজি সৰুপেটা গাৱঁৰ গাওঁবুঢ়া প্ৰভাত চন্দ্ৰ দাস বুলি চিনাক্ত হোৱাৰ পিছত একেখিনি ঠাইতে আজি দুপৰীয়া পুনৰ এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

কলা টি-চাৰ্ট আৰু পেণ্ট পৰিহিত আনুমানিক প্ৰায় ৪৭ বছৰ বয়সীয়া মৃতদেহটো আজি দুপৰীয়া স্থানীয় লোকে পানীত ওপঙি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

ইয়াৰ পিছতে পাঠশালা আৰক্ষী ঘটনীস্থলীত উপস্থিত হৈ মৃতদেহটো আৰক্ষী থানালৈ লৈ আহে।

ব্যক্তিজনৰ পৰিচয় তথা মৃত্যুৰ কাৰণ আৰক্ষীয়ে বাতৰি লিখা পৰলৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যে যোৱা কালি উদ্ধাৰ হোৱা সৰুপেটা গাৱঁৰ গাওঁবুঢ়া প্ৰভাত চন্দ্ৰ দাসে হেনো কালি পুৱাৰ ভাগত এজন অচিনাক্ত ব্যক্তিৰ মটৰ চাইকেলত উঠি অহা একাংশ লোকে প্ৰত্যক্ষ কৰিছিল।

ইয়াৰ ওপৰতে ভিত্তি কৰি আৰক্ষীয়ে আজি উদ্ধাৰ হোৱা মৃতদেহটো মটৰ চাইকেল চালকজনৰ হব পাৰে বুলি সন্দেহ কৰিছে।

কিয়নো মৃতদেহ দুটা উদ্ধাৰ হোৱা ঠাইখনৰ পৰা কিছু দুৰ আগত এখন সৰু বাঁহৰ দলং আছে। হয়তো দলংখনৰ ওপৰেৰে মটৰচাইকেলেৰে আহি থকা অৱস্থাত কেনেবাকৈ পানীত পৰি দুয়োগৰাকী ব্যক্তিৰে মৃত্যু ঘটিব পাৰে।

এই অনুমানৰ ভিত্তিত আৰক্ষীয়ে মটৰচাইকেলখনৰ সন্ধানত নামিছে যদিও মটৰচাইকেলখন এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই।