পাঁচবাৰৰ মুখ্য মন্ত্ৰী মানিক সৰকাৰ দেশৰ আটাইতকৈ দুখীয়া মুখ্য মন্ত্ৰী

Manik-Sarkar

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মানিক সৰকাৰৰ ফাইল ফটো

ভাৰতৰ গোটেই কেইখন ৰাজ্যৰ শাসনাধীন মুখ্য মন্ত্ৰীৰ ভিতৰতে আটাইতকৈ দুখীয়া মুখ্য মন্ত্ৰী হ’ল মানিক সৰকাৰ। ত্ৰিপুৰাত পাঁচটা কাৰ্যকাল মুখ্যমন্ত্ৰীৰ পদত থকা মানিক সৰকাৰৰ হাতত থকা নগদ ধনৰ পৰিমাণ মাত্ৰ ১৫২০ টকা।

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে মানিক সৰকাৰে ৰাজ্যখনৰ ধনপুৰ বিধানসভা সমষ্টিৰ পৰা নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰৰ লগত দাখিল কৰা শপতনামাৰ পৰা এই কথা জানিব পৰা গৈছে।

দাখিল কৰা শপতনামাৰ পৰা জানিব পৰা গৈছে যে যোৱা ২০ জানুৱাৰিলৈকে চি পি এমৰ জেষ্ঠ নেতাজনৰ বেংকত জমা থকা ধনৰ পৰিমাণ হ’ল মাত্ৰ ২৪১০.৬০ টকা।

উল্লেখযোগ্য যে সৰকাৰ বৰ্তমানৰ মুখ্য মন্ত্ৰীসকলৰ ভিতৰত আটাইতকৈ বেছি সময় এই পদত থকা নেতা।

তেওঁৰ পৈতৃক সম্পত্তিৰ নামত আগৰতলাত ০.০১১৮ একৰৰ এটুকুৰা অ-কৃষি ভূমি আছে। অৱশ্যে, এই ভূমিত তেওঁৰ ভাতৃ আৰু ভগ্নীৰো মালিকানা স্বত্ব আছে। তাৎপৰ্যমূলক কথা যে পাঁচবাৰৰ মুখ্য মন্ত্ৰীজনৰ এখন নিজা গাড়ীও নাই।

আনহাতে সৰকাৰৰ পত্নী পাঞ্চালী ভট্টাচাৰ্যীৰ হাতত থকা নগদ ধনৰ পৰিমাণ হ’ল প্ৰায় ২০,১৪০ টকা। ৰাজ্য চৰকাৰৰ প্ৰাক্তন কৰ্মচাৰী ভট্টাচাৰ্যীৰ বেংকত জমা থকা ধনৰ পৰিমাণ হ’ল ১২,১৫,৭১৪.৭৮ টকা।

এইগৰাকী বাওঁ পন্থী নেতা তথা মুখ্য মন্ত্ৰীজনে পত্নীৰ সৈতে চৰকাৰী বাসভৱনত থাকে।