NORTHEAST NOW (Assamese)

পাটাছাৰকুছিত নাগৰিকত্ব (সংশোধনী) বিধেয়ক,২০১৬-ৰ বিৰুদ্ধে বিশাল জোঁৰ সমদল

May 18, 2018 3:00 pm · শশাংক তালুকদাৰ
Updated: May 18, 2018 3:08 pm

বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬খন বিৰুদ্ধে পাটাছাৰকুছিত এটা বিশাল জোঁৰ সমদল উলিওৱা হয়।  বিদেশী নাগৰিকক ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰিব বিচৰা বিধেয়কখনৰ বিৰুদ্ধে বৃহস্পতিবাৰে আবেলি প্ৰায় ৬.৩০ বজাত  অগপ দলৰ নেতৃত্বত এটা বিশাল জোঁৰ সমদল বাহিৰ কৰা হয়।

পাটাছাৰকুছি পৰিদৰ্শন বঙলাৰ পৰা যাত্ৰা কৰি এই প্ৰতিবাদী জোঁৰ সমদলটোৱে সংশোধনী বিধেয়কৰ প্ৰক্ৰিয়া বন্ধ অগপ জিন্দাবাদ আদি শ্লোগান বিভিন্ন শ্লোগান দি পাটাছাৰকুছি বজাৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে।

পাটাছাৰকুছি বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়কতথা অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি পবিন্দ্ৰ ডেকা, অগপৰ বজালী জিলা সমিতিৰ সভাপতি ড০ মনোৰৰঞ্জন দাস, আৰু ভৱানীপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বজালী জিলা সমিতিৰ সম্পাদক জিন্তু চৌধুৰী,বজালী জিলা সাংগঠনিক সম্পাদক হিতেশ গোস্বামী, পাটাছাকুছি সমষ্টিৰ সম্পাদকদ্বয় কমল শৰ্মা আৰু ৰাতুল ৰয়, অগপৰ কেন্দ্ৰীয় সমিতিৰ মহিলা পৰিষদৰ সম্পাদিকা বন্তি পাঠক, পাটাছাৰকুছি সমষ্টিৰ যুৱ পৰিষদৰ সম্পাদক অনু প্ৰতাপ বশিষ্ঠ, জিলা পৰিষদৰ প্ৰাক্তন সদস্য দিলীপ বৰুৱা আৰু দলীয় সগস্যসকলে এই সমদলত অংশগ্ৰহণ কৰিছিল।

Related News