পাঠশালাত উদযাপন কহিনুৰ থিয়েটাৰৰ জনক ৰতন লহকৰৰ প্ৰথম মৃত্যুবাৰ্ষিকী

প্ৰয়াত ৰতন লহকৰ চিত্ৰ

ভ্ৰাম্যমান থিয়েটাৰৰ অন্যতম কাণ্ডাৰী ৰতন লহকৰৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে সোমবাৰে ভ্ৰাম্যমান নগৰী পাঠশালাৰ বিভিন্ন দল-সংগঠন, বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান তথা শুভাকাংক্ষীয়ে শ্ৰদ্ধাঞ্জলি জনায়।

সোমবাৰে ৰতন লহকৰৰ সমাধিস্থলীত আয়োজিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত উপস্থিত থকা দল-সংগঠন তথা ৰতন লহকৰৰ পৰিয়ালৰ লোকে সমাধিস্থলীৰ  কদৰ্য ৰূপ দেখি ক্ষোভিত হৈ পৰাৰ লগতে ক্ষেদ প্ৰকাশ কৰে আৰু লগতে চৰকাৰৰ কাৰ্যকলাপৰ ওপৰতো সন্দেহ ব্যক্ত কৰে।

উল্লেখযোগ্য যে ১৯৭৬ চনত সম্পূৰ্ণ নিজা প্ৰচেষ্টাত কহিনুৰ থিয়েটাৰৰ জন্ম দিছিল ৰতন লহকৰে। যোৱা বছৰ মৃত্যুবৰণ কৰা প্ৰযোজক, সুদক্ষ অভিনেতা, পৰিচালক তথা ৰাজনীতিবিদগৰাকীৰ নশ্বৰ দেহ পাঠশালাৰ প্ৰগতি সংঘৰ বাকৰিত সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰিছিল।

উল্লেখযোগ্য যে ৰতন লহকৰৰ উদ্যোগতে প্ৰথমবাৰৰ বাবে কহিনুৰ থিয়েটাৰে অসমৰ বাহিৰত নাট মঞ্চস্থ কৰিছিল।

ভ্ৰাম্যমান থিয়েটাৰৰ এই কাণ্ডাৰীজনৰ সমাধিস্থলী আজিলৈ চৰকাৰীভাবে অৱহেলিত হৈ থকাৰ বাবে দুখ প্ৰকাশ কৰে স্থানীয় লোকে।

আনহাতে ভ্ৰাম্যমান থিয়েটাৰৰ জনক অচ্যুত লহকৰৰ সমাধিস্থলীৰ ৰূপো একে। অচ্যু লহকৰৰ পৰিয়ালৰ লোকে সমাধিস্থলী অনাদৃত ৰূপত পৰি থকা দেখি সংবাদ মাধ্যমৰ আগত দুখ প্ৰকাশ কৰে।

ভ্ৰাম্যমান থিয়েটাৰৰ মহান কাণ্ডাৰী দুজনৰ সমাধিস্থলী নিৰ্মান আৰু দুয়োজনাৰে আৱক্ষ মূৰ্তি স্থাপন কৰাৰ চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল সেয়া বাস্তৱত অতিশীঘ্ৰে পৰিণত কৰি তুলিবলৈ পৰিৱৰ্তনকামী চৰকাৰৰ ওচৰত দল-সংগঠনে আহ্বান জনায়।

উল্লেখযোগ্য যে পাঠশালাত আয়োজিত ৰতন লহকৰৰ প্ৰথম মৃত্যুবাৰ্ষিকীত ভ্ৰাম্যমান থিয়েটাৰ প্ৰযোজক সন্থাৰ কোনো এজন লোক উপস্থিত ন’হল।

ভ্ৰাম্যমান নগৰী পাঠশালাৰ বিপৰীতে গুৱাহাটীত প্ৰযোজক সন্থাই আয়োজন কৰিছে ৰতন লহকৰৰ প্ৰথম মৃত্যুবাৰ্ষিকী।

লক্ষ্যণীয় যে প্ৰযোজক সন্থাই আয়োজন কৰা প্ৰথম মৃত্যুবাৰ্ষিকীত ৰতন লহকৰৰ পৰিয়ালৰ কোনো লোককে আমন্ত্ৰণ জনোৱা হোৱা নাছিল বুলি পৰিয়ালৰ লোকে আমাৰ সাংবাদিকক জানিবলৈ দিয়ে।