পাপনৰ চুম্বনকাণ্ডৰ অনাহক বিতৰ্কক লৈ মঙলদৈত প্ৰতিক্ৰিয়া : নাবালিকাগৰাকীৰ কেৰিয়াৰক লৈ উদ্বেগ

Papon

যোৱা ২০ ফেব্ৰুৱাৰিত মুম্বাইত চলি থকা এটা ৰিয়েলিটি শ্ব’ৰ শ্বুটিঙৰ সময়ত অসমৰ গায়ক পাপন অংগৰাগ মহন্তই এজনী নাবালিকা শিল্পীক আপত্তিজনকভাৱে চুমা খোৱাৰ ঘটনাক লৈ চলি থকা তীব্ৰ বিতৰ্কৰ প্ৰতিক্ৰিয়া হৈছে নাবালিকাগৰাকীৰ নিজৰ অঞ্চল মঙলদৈতো।

মঙলদৈবাসীৰ বহুকেইজনে এই ঘটনাটোৰ অনাহক চৰ্চা আৰু প্ৰচাৰে অঞ্চলটোৰ নতুন সংগীত প্ৰতিভাগৰাকীৰ ক্ষতি কৰিব বুলি শংকা প্ৰকাশ কৰিছে। লগতে এয়া এক পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ বুলিও অভিযোগ কৰে ভালেকেইজন লোকে।

এণ্ড টি ভিয়ে আয়োজন কৰা সংগীত প্ৰতিযোগিতাখনৰ গ্ৰেণ্ড ফিনেলৰ বাবে মাত্ৰ কেইটামান দিনহে থকা অৱস্থাত শিশু শিল্পীগৰাকীৰ ওপৰত এয়া চাপ সৃষ্টি কৰাৰ ষড়যন্ত্ৰ বুলি তেওঁলোকে অভিযোগ কৰিছে।

নাবালিকা শিল্পীগৰাকীৰ মাক-দেউতাক লগত থকা সত্ত্বেও, আৰু তেওঁলোকে একো আপত্তি নকৰা সত্ত্বেও কিছুমান সম্পৰ্কহীন মানুহে মিছাতে এই বিতৰ্কবোৰ চলাই আছে বুলি স্থানীয় লোকসকলে অভিযোগ কৰিছে।

অৱশ্যে মাক-দেউতাকৰ একো মন্তব্য এই পৰ্য্যন্ত ল’ব পৰা হোৱা নাই।

উল্লেখযোগ্য যে যোৱা ২০ ফেব্ৰুৱাৰিত অসমৰ নৱ প্ৰজন্মৰ মাজত বেচ জনপ্ৰিয় গায়ক পাপন অংগৰাগ মহন্তই এণ্ড টি ভিৰ বাবে এটা ৰিয়েলিটি শ্ব’ৰ শ্বুটিঙৰ সময়ত শ্বুটিঙত ভাগ লৈ থকা শিশু শিল্পীসকলৰ মাজৰ এজনী নাবালিকাক জোৰ কৰি চুমা খোৱাৰ ভিডিঅ’ এটা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।

ভিডিঅ’টোত পাপনে ছোৱালীজনীক হাতেৰে মুখ-মণ্ডলত স্পৰ্শ কৰাৰ উপৰি নিজৰ ফালে প্ৰায় টানি আনি গালত চুমা খাইছিল। তাৰোপৰি তেওঁ অলপতে ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰা নতুন অভিনেত্ৰী priya prakash varrier ই কৰাৰ দৰে আঙুলি দুটাৰে (যিটো প্ৰেমৰ এটা প্ৰকাশ ভংগি হিচাপে priya prakash varrier –এ ব্যৱহাৰ কৰিছিল) নাবালিকাগৰাকীৰ গালত হেঁচি ধৰিছিল।

এতিয়া এই ভিডিঅ’টোৰ জৰিয়তে প্ৰকাশ পোৱা পাপনৰ আচৰণক লৈ বিভিন্ন মাধ্যম আৰু বিভিন্ন স্তৰত তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হোৱাৰ লগতে পাপনক চাৰিওফালৰ পৰা কঠোৰ সমালোচনা কৰা হয়। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও বিষয়টো গুৰুতৰ বুলি প্ৰচাৰ কৰি থকা দেখা গৈছে। আনকি পাপনৰ বিৰুদ্ধে নাবালিকা গৰাকীক উৎপীড়ন চলোৱাৰ অভিযোগ তুলি national commission for protection of child rights ৰ অধ্যক্ষলৈ অভিযোগপত্ৰ প্ৰেৰণ কৰিছিল ৰুণা ভূঞা নামৰ এগৰাকী অধিবক্তাই।

আনহাতে পাপনে আজি তেওঁৰ টুইটাৰত আপল’ড কৰা এটা টোকাৰ জৰিয়তে নিজৰ অবাঞ্ছিত আচৰণৰ বাবে ক্ষমা বিচাৰিছে।