ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী মানিক চৰকাৰে পিছ দুৱাৰেদি ক্ষমতা দখল কৰাৰ বাবে বিজেপি-আই পি এফ টি মিত্ৰজোঁটে উগ্ৰপন্থীৰ সৈতে বুজাবুজি কৰা বুলি অভিযোগ উত্থাপন কৰিছে।
বিজেপি-আই পি এফ টি জোঁটক পূৰ্বৰ কংগ্ৰেছ-টি ইউ জে এছ মিত্ৰজোঁটৰ সৈতে তুলনা কৰি চৰকাৰে কয় যে বিজেপি-আই পি এফ টি মিত্ৰজোঁটে ক্ষমতা দখলৰ বাবে একেটাই কৌশল অৱলম্বন কৰিছে।
কালি আবেলি দুকলিৰ এখন জনসমাৱেশ সম্বোধন কৰি মুখ্য মন্ত্ৰীজনে তেওঁৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে।
চৰকাৰে তেওঁৰ ভাষণত বিৰোধী বিজেপি আৰু আই পি এফ টিৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ নিক্ষেপ কৰে। উল্লেখযোগ্য যে বিজেপি-আই পি এফ টিয়ে এতিয়াও আনুষ্ঠানিকভাৱে তেওঁলোকৰ নিৰ্বাচনপূৰ্ব মিত্ৰতা ঘোষণা কৰা নাই।
গৃহ বিভাগৰ দায়িত্বতো থকা মুখ্য মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে আই পি এফ টি উগ্ৰপন্থীসকলৰ অ’ভাৰগ্ৰাউণ্ড সংগঠন আৰু বিজেপিয়ে ইয়াৰ সৈতে মিত্ৰতা কৰি শাসনলৈ আহিব খুজিছে।
তেওঁ কয় যে, ‘স্বাধীন ত্ৰিপুৰাৰ নামত বাংলাদেশত ঘাটি পাতি থকা উগ্ৰপন্থীসকলে ২০০০ চনত বন্দুকৰ ভাবুকি দি ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ত শাসিত জিলা পৰিষদ দখল কৰিছিল। বিজেপিয়ে আই পি এফ টিৰ পোছাকৰ তলত এই উগ্ৰপন্থীসকলৰ সৈতে মিত্ৰতা গঢ়ি ক্ষমতা দখল কৰিব খুজিছে।’
চি পি আই (এম)ৰ পলিতব্যুৰ’ সদস্য মুখ্য মন্ত্ৰীজনে লগতে কয় যে, ‘ত্ৰিপুৰাৰ ৰাইজ উগ্ৰপন্থাৰে মুখামুখি হ’ব লগা হৈছিল আৰু পিছলৈ ত্ৰিপুৰাৰ ৰাইজে কংগ্ৰেছ আৰু টি ইউ জে এছৰ উগ্ৰপন্থী নেতৃত্বাধীন চৰকাৰখনক নিৰ্বাচনৰ জৰিয়তে আঁতৰ কৰি বাওঁ ফ্ৰণ্টক শাসনলৈ আনিছিল।’
তেওঁ কয় যে, ‘সেইকাৰণে বিজেপি-আৰ এছ এছে বুজিছে যে ত্ৰিপুৰাৰ খেলপথাৰ কঠিন। কাৰণ ত্ৰিপুৰাৰ জনসাধাৰণ দুখীয়া হ’ব পাৰে, শ্ৰমিক শ্ৰেণীৰ হ’ব পাৰে কিন্তু তেওঁলোক ৰাজনৈতিকভাৱে খুবেই সচেতন।’
তেওঁ কয় যে বাওঁ ফ্ৰণ্টে শান্তি, নিৰূপদ্ৰৱ অৱস্থা আৰু সমন্বয়ক বিষয় হিচাপে লৈ এই নিৰ্বাচনত যুঁজ দিব।
অহা ১৮ ফেব্ৰুৱাৰিত ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।