পুনৰ চূড়ান্ত সাম্প্ৰদায়িক মন্তব্য বিজেপিৰ বিধায়ক শিলাদিত্যৰ

Ajmal Siladitya

“কলেজত পঢ়াৰ সময়ত শংকৰ-আজানৰ ভূমি হৈ আছিল, আমি সৰু থাকোতে পঢ়িছিলো শংকৰ-মাধৱৰ ভূমি বুলি। ২০২৬ চনত আজমল যেতিয়া অসমৰ মুখ্য মন্ত্ৰী হ’ব তেতিয়া এইখন হ’ব আজমল-আজানৰ ভূমি।” এই বিতৰ্কিত মন্তব্য বিজেপিৰ বিধায়ক শিলাদিত্য দেবৰ।

ইয়াৰ উপৰি নিজৰ সাম্প্ৰদায়িক চৰিত্ৰৰ ধাৰাবাহিকতা ৰক্ষা কৰি পুনৰ উৎকট সাম্প্ৰদায়িক মন্তব্য দিয়ে বিধায়কজনে।

উল্লেখ্য যে এন আৰ চিক লৈ সন্তুষ্ট নোহোৱা হোজাই সমষ্টিৰ বিতৰ্কিত বিধায়কজনৰ মতে “এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছত বহুতো মুছলমান অধ্যুষিত জিলাত বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বাবে বদৰুদ্দিন মুখ্য মন্ত্ৰী হোৱা  পৰিস্থিতিৰ সৃষ্টি হ’ব।”

সদায়ে মুছলমান-বিদ্বেষ প্ৰকাশ কৰি অহা বিধায়কগৰাকীয়ে স্বভাৱসুলভভাৱে এন আৰ চিৰ চূড়ান্ত খচৰাখন প্ৰসংগত কয়, “এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছত গম পোৱা গ’ল যিমান মুছলিম প্ৰধান জিলা আছে বিশেষকৈ বৰপেটা, ধুবুৰী, গোৱালপাৰা আদি অঞ্চলত সকলো লোক মনে মনে আছে। গতিকে ইয়াত নিশ্চয় আগতীয়া এটা চক্ৰান্ত আছে।”

ইয়াৰ উপৰি তেওঁ থলুৱা মানুহখিনি পূৰ্বৰে পৰা আছে কাৰণে কাগজ-পাতি ৰখা নাছিল বুলি সদৰী কৰি কয়, “কিন্তু বাংলাদেশী বিলাক বুধিয়ক হোৱা বাবে পাছত আহিও  নথি-পত্ৰ সংগ্ৰহ কৰি ৰাখিছিল গতিকে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ যাব আৰু অসমখন তেওঁলোকৰ দখলত যাব।”

আনহাতে হাজেলাৰ কামকাজৰ বিশ্বাসযোগ্যতাতো সন্দেহ প্ৰকাশ কৰে বিধায়কজনে। তেওঁ কয়, “এন আৰ চিৰ বাবে অসমবাসী প্ৰতীক হাজেলা চাহাবৰ ওপৰত নিৰ্ভৰশীল হৈ গ’ল। তেওঁ যিটো সিদ্ধান্ত দিব, সেইটোকে সকলোৱে মানি ল’ব। হাজেলাই দিয়া ৰিপ’ৰ্টৰ ওপৰত ভিত্তি কৰি যদি উচ্চতম ন্যায়ালয়ে পৰ্য্যবেক্ষণ কৰে, তেন্তে উপায় কি থাকিব।” শিলাদিত্যই এইদৰে কয়।

আনহাতে মমতা বেনাৰ্জীৰ প্ৰসংগত কয়, “মমতা বেনাৰ্জীয়ে হিন্দু ধৰ্মাৱলম্বী তথা থলুৱা লোকসকলৰ স্বাৰ্থত অসমলৈ প্ৰতিনিধি দল পঠিওৱা নাছিল। তেওঁলোক আহিছিল বাংলাদেশী মূলৰ লোকসকলক ৰক্ষণাবেক্ষণ দিবৰ কাৰণেহে। কাৰণ প্ৰতিনিধিসকলৰ মাজত এগৰাকী মুছলমান মন্ত্ৰীও আছিল।”

ইয়াৰোপৰি তেওঁ কয় “মমতা বেনাৰ্জীৰ কথাত পশ্চিমবংগৰ মানুহ উঠা-বহা নকৰে। মোৰ কলিকতাৰ বন্ধু কেইজনমানে মোক কৈছে তোমালোকে খুব ভাল কৰিছা এই মমতা বেনাৰ্জীৰ মানুহখিনিক যে আটক কৰি ৰাখিছা, সিহঁতক পিটন দি খেদাব লাগিছিল।”

উল্লেখ্য যে, এটাৰ পাছত অন্য এক বিতৰ্কিত মন্তব্যৰে নিজকে সংবাদ মাধ্যমৰ শিৰোনামত ৰাখিবলৈ তথা সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পোৱা  শিলাদিত্যৰ মুখত চৰকাৰে কেনেকৈ লেকাম লগাব সেয়া সময়ত লক্ষণীয় হ’ব।