NORTHEAST NOW (Assamese)

পুনৰ পিচুৱালে ১৩ খন জিলাৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ

December 21, 2017 8:40 am · এন ই নাও নিউজ

ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ কাৰ্যসূচী পুনৰ পিচুৱালে সৰ্বশিক্ষা মিছনে। অহা ২৬ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈ ৰাজ্যৰ ১৩ খন জিলাত গুণোৎসৱ অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু হঠাত কালি সৰ্বশিক্ষা মিছনে জিলা সমূহৰ উপায়ুক্ত সকললৈ পত্ৰ যোগে গুণোৎসৱ পিছুৱাৰ কথা উল্লেখ কৰিছে। এতিয়া তৃতীয় পৰ্যায়ৰ গুণোৎসৱ পূৰ্বৰ তাৰিখৰ বিপৰীতে অহা বছৰৰ ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীৰ ভিতৰত অনুষ্ঠিত কৰিব বুলি পত্ৰখনত উল্লেখ কৰে।

উল্লেখনীয় যে ৰাজ্য চৰকাৰে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ এই পৰ্যন্ত তৃতীয় বাৰলৈ বাতিল কৰিলে। এই সিদ্ধান্তৰ পিছতে এতিয়া ১৩ খন জিলাৰ শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকল বিভ্ৰান্তত পৰা পৰিলক্ষিত হৈছে। মনকৰিবলগীয়া যে তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ কাৰণে উক্ত জিলা কেইখনৰ বিদ্যালয় সমূহত বছৰেকীয়া পৰীক্ষাও অনুষ্ঠিত হোৱা নাই। যাৰ ফলত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

Related News