পৃথক তিপৰালেণ্ডৰ বিষয়টোত মডুলেইশ্যন কমিটি গঠনৰ ইংগিত দিছে প্ৰধান মন্ত্ৰীয়ে

পৃথক তিপৰালেণ্ড বিষয়টো পৰ্য্যালোচনাৰ বাবে মডুলেইশ্যন কমিটি গঠনৰ ইংগিত দিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই গুৰুত্বপূৰ্ণ দাবী কৰিছে Indigenous Peoples Front of Tripura চমুকৈ আই পি এফ টিৰ সভাপতি এন চি দেৱবাৰ্মাই। ‘প্ৰধান মন্ত্ৰীয়ে তিপৰালেণ্ড গঠন সন্দৰ্ভত আমাৰ দাবীৰ প্ৰতি ইতিবাচক সঁহাৰি দেখুৱাইছে আৰু বিষয়টো পৰ্য্যালোচনা কৰিবলৈ এখন মডুলেইশ্যন কমিটি গঠনৰ নিৰ্দেশ দিছে।’ এইদৰে কয় এন চি দেৱবাৰ্মাই।

উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনত ত্ৰিপুৰাত শাসনাধিষ্ঠিত বাওঁ চৰকাৰক ওফৰাবলৈ বিজেপিয়ে যিকোনো ধৰণৰ ৰণকৌশল গ্ৰহণ কৰিবলৈ সাজু হোৱাৰ ইতিমধ্যে ইংগিত দিছে। তেনেস্থলত আই পি এফ টিৰ এই দাবীয়ে গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ সম্ভাৱনা আছে। বিজেপিয়ে ইতিপূৰ্বে এইটো ইংগিত দিছে যে ৰাজ্যখনত তেওঁলোকে আই পি এফ টিৰ সৈতে নিৰ্বাচনী মিত্ৰতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আনহাতে আই পি এফ টিয়ে দীৰ্ঘদিনৰ পৰা সুকীয়া তিপৰালেণ্ডৰ দাবী কৰি আহিছে, যিটোত তেওঁলোকে বৰ্তমানৰ বাওঁ চৰকাৰৰ পৰা সঁহাৰি পোৱা নাই বা ৰাজ্য চৰকাৰখন এই ক্ষেত্ৰত সিদ্ধান্ত নিৰ্ণয়কাৰী পক্ষ নহয়।

কিন্তু নিৰ্বাচনত শাসনাধিষ্ঠিত বাওঁ চৰকাৰখনক ওফৰাবলৈ কেন্দ্ৰই আই পি এফ টিৰ এই দীৰ্ঘদিনীয়া দাবীক এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে। আই পি এফ টিৰ নেতাসকলে নতুন দিল্লীত বিষয়টো সন্দৰ্ভত প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী আৰু ড’নাৰ মন্ত্ৰীক লগ কৰাৰ পিছত আই পি এফ টিৰ সভাপতিজনে এই ইংগিত দিছে যে প্ৰাক-নিৰ্বাচনী মিত্ৰতাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় দলটোৰ বাবে তেওঁলোকৰ দলৰ দুৱাৰ খোলা আছে।

উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীক লগ কৰিবলৈ যোৱা আই পি এফ টিৰ দলটোৰ সৈতে অসমৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও গৈছিল, যিজন বিজেপি দলৰ নিৰ্বাচনী পৰ্য্যৱেক্ষক হিচাপেও ত্ৰিপুৰাৰ দায়িত্বত আছে।

গতিকে এই কৌশলত ড০ হিমন্ত বিশ্ব শৰ্মাৰো ভূমিকা থাকিব পাৰে।

আনহাতে এই ঘটনাক্ৰমৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যখনৰ শাসনাধিষ্ঠিত দল চি পি আই (এম)-এ। এটা মন্তব্যত দলটোৰ এগৰাকী জ্যেষ্ঠ নেতা তথা ত্ৰিপুৰা বিধান সভাৰ উপাধ্যক্ষ পবিত্ৰ কৰে কয়, ‘আমি ইমান দিনে প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ে বিভাজনমূলক শক্তিক উচটনি দি অহা বুলি আমি কৰি অহা অভিযোগক ই সত্য প্ৰমাণিত কৰিছে। এই শক্তিবোৰৰ বিৰুদ্ধে ৰাজ্যখনৰ জনসাধাৰণৰ আৱেগ-অনুভূতিৰ অহা নিৰ্বাচনৰ ফলাফলত প্ৰতিফলন ঘটিব।’