কাৰ্বিলংৰি আৰু উত্তৰ কাছাৰ পাবৰ্ত্য মুক্তি বাহিনী চমুকৈ কেএলএনএলএফ আৰু ভাৰত চৰকাৰৰ মাজত স্বাক্ষৰিত যুদ্ধ বিৰতি চুক্তিয়ে দেওবাৰে ৮ বছৰ পূৰ্ণ কৰে।
এই উপলক্ষে ডিফুৰ বিৰলাত অৱস্থিত কেএলএনএলএফৰ সমন্বয় কাৰ্যালয়ত এক অনুষ্ঠান আয়োজন কৰা হয় য’ত সংগঠনটোৰ বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে।
এল এন এল এফৰ সাধাৰণ সম্পাদক থং টেৰনে এক বিবৃতিত কয়, ‘পৃথক পাৰ্বত্য জিলা গঠনক লৈ কেন্দ্ৰীয় চৰকাৰৰ লগত যোৱা ৮ বছৰ ৫৫ বাৰ আলোচনাত বহা হৈছে।’
ইয়াৰ উপৰি তেওঁ কয়, ‘১৯৯৪ চনৰ ২২ মাৰ্চত গঠন হোৱা কে এল এন এল এফৰ ২০১৮ত ২৪ বছৰ সম্পূৰ্ণ হয়। ২০১০ চনৰ ১১ ফেব্ৰুৱাৰিত সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰৰ লগত যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ কৰিছিল।’
ভাৰতীয় সংবিধানৰ ৩ নং অনুচ্ছেদৰ অধীনত কাৰ্বি সকলৰ বাবে এখন পৃথক গৃহভূমি গঠন কৰাই কে এল এন এল এফৰ মূল উদ্দেশ্য আৰু এতিয়ালৈকে তেওঁলোকে এই ক্ষেত্ৰত অটল হৈ আছে।
বহু উত্থান পতনৰ মাজেৰে চলাই অহা ৮ বছৰীয়া সংগ্ৰামলৈ ৰাইজে জনোৱা সঁহাৰিৰ প্ৰতি কৃতজ্ঞতা জনাই টেৰণে এই ক্ষেত্ৰত কাৰ্বিআলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচিত সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্য, সদস্য সকলৰ পৰা যথাযোগ্য সঁহাৰি লাভ কৰা নাই বুলি মন্তব্য কৰে।
তেওঁ অাশা কৰে যে অনাগত দিনত নিৰ্বাচিত প্ৰতিনিধি সকলৰ পৰাও তেওঁলোকে সঁহাৰি লাভ কৰিব।
কেএলএনএলএফৰ সভাপতি পি দিল্লিয়ে সংগঠনটোৰ নেতা তথা কেদাৰ সকলক সংগঠনটোত থাকি তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাৰ বাবে একেলগে কাম কৰি যাবলৈ আহ্বান জনায়।
ইয়াৰোপৰি তেওঁ সাধাৰণ ৰাইজ, বুদ্ধীজীৱী আৰু নিৰ্বাচিত প্ৰতিনিধি সকলকো তেওঁলোকৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ আহ্বান জনায়।
কেএলএনএলএফ ৰ উপ সভাপতি হাবে তকবি, প্ৰচাৰ সম্পাদক ৰিজাক ডেৰাৰ লগতে আন আন সদস্য উপস্থিত অনুষ্ঠানটোত সভাপতি দিল্লিয়ে পুৱাৰ ভাগত সংগঠনটোৰ পতাকা উত্তোলন কৰে।