NORTHEAST NOW (Assamese)

পৃথিৱীৰ আটাইতকৈ ওখ শিৱমূৰ্তিটো নিৰ্মাণ কৰা হৈছে ৰাজস্থানত! কিমান উচ্চতাৰ মূৰ্তি এয়া?

October 29, 2022 2:56 pm · এন ই নাও নিউজ,গুৱাহাটী

মুকলি কৰা হ’ব পৃথিৱীৰ আটাইতকৈ ওখ শিৱমূৰ্তিটো । পৃথিৱীৰ আটাইতকৈ ওখ শিৱমূৰ্তিটো ৰাজস্থানৰ ৰাজসমান্দ জিলাৰ নাথদ্বাৰ অঞ্চলত নিৰ্মাণ কৰা হৈছে। শিৱ মূৰ্তিটোৰ উচ্চতা ৩৬৯ ফুট। এই মূৰ্তিটোৰ নাম দিয়া হৈছে ‘বিশ্ব স্বৰূপম’। শিৱৰ মূৰ্তিটো নিৰ্মাণ কৰিবলৈ প্ৰায় ছয় বছৰ সময় লাগিছে।

এই মূৰ্তিটোক পৃথিৱীৰ পাঁচটা আটাইতকৈ ওখ মূৰ্তিৰ ভিতৰত স্থান দিয়া হৈছে। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু বিধানসভাৰ অধ্যক্ষ চি পি যোশীৰ উপস্থিতিত প্ৰতিমূৰ্তিটো উন্মোচন কৰা হ’ব। অভিলেখ সৃষ্টিকাৰী এই মূৰ্তিটো ‘তাত পদম’ নামৰ এটা সংগঠনে নিৰ্মাণ কৰিছে।

সংগঠনটোৰ ট্ৰাষ্টী পৰিষদৰ অন্যতম সদস্য মদন পালিৱালে কয় যে প্ৰতিমূৰ্তিটো উদ্বোধন উপলক্ষে ২৯ অক্টোবৰৰ পৰা ৬ নৱেম্বৰলৈ ন দিনৰ বাবে ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। তেওঁ কয়, “ভগৱান শিৱৰ এই মূৰ্তিটোৱে ৰাজস্থানৰ পৰ্যটনক এক নতুন মাত্ৰা প্ৰদান কৰিব।”

ধ্যানমগ্ন শিৱমূৰ্তিটো ৫১ ফুট ওখ পাহাৰৰ টিলাত নিৰ্মাণ কৰা হৈছে। চিমেণ্টেৰে নিৰ্মিত মূৰ্তিটো বাহিৰত পঞ্চ ধাতুৰে আৱৰণ দিয়া দিছে। এই মূৰ্তিটো বহু কিলোমিটাৰ দূৰৈৰ পৰাই দেখা যায়।

মূৰ্তিটো নিশাৰ ভাগত উজলাই ৰাখিবলৈ বিশেষ লাইটৰ ব্যৱস্থাও কৰা হৈছে । মূৰ্তিটো ২০১২ চনত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছিল। পৰিকল্পনা অনুসৰি কামটো লাহে লাহে আগবাঢ়িছিল। ইয়াক তৈয়াৰ কৰিবলৈ ৩,০০০ টন ইস্পাত আৰু লো, ২.৫ টন চিমেণ্ট আৰু বালি ব্যৱহাৰ কৰা হৈছে।

Related News