পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে জ্বলা কলা খুৱাইছে সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসীক। পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ লগতে অন্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ প্ৰতিশ্ৰুতিৰে শাসনভাৰ দখল কৰা নৰেন্দ্ৰ মোদি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে আজি ছাত্ৰ সন্থাই সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালকৈ বাক্সা জিলাৰ কুমাৰীকাটাতো দেখা গ’ল প্ৰতিবাদ।
জিলাখনৰ কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰায় দুই শতাধিক সদস্য ৰাতিপুৱাই কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ দেশৰ পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি দাহ কৰি মূল্য বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ লগতে অন্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ সংগঠনটোৰ প্ৰতিবাদী সদস্যসকলে বিভিন্ন শ্লোগান আওৰাই কুমাৰীকাটাৰ পৰিৱেশ উত্তাল কৰি তোলে।
আছুৰ বাক্সা জিলাৰ সভাপতি গোবিন্দ শৰনীয়া আৰু শিক্ষা সম্পাদক দুলুজিৎ দাসৰ নেতৃত্বতে আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।
ইফালে পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে জিলাখনৰ বিভিন্ন অঞ্চলত ছাত্ৰ সন্থাৰ নেতৃত্বত পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে।