• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পে’ট্ৰল-ডিজেলৰ আকাশলংঘী দাম : প্ৰতিবাদ কৰিবলৈ ৰিক্সা চলালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 22, 2018 8:32 pm
APCC_Protest_Petrol_RipunBora

প্ৰতিবাদী সমদলত নিজে ৰিক্সা চলাই প্ৰতিবাদত ভাগ ল’লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য যথেষ্ট কমি যোৱাৰ পাছতো ভাৰতত অস্বাভাৱিক হাৰত বৃদ্ধি পাই আছে পে’ট্ৰল-ডিজেলৰ দাম। আগত কংগ্ৰেছৰ চৰকাৰ চলি থকাৰ সময়ত খাৰুৱা তেলৰ মূল্য আন্তৰ্জাতিক বজাৰত আকাশলংঘী আছিল। কিন্তু ২০১৪ চনৰ নৱেম্বৰ মাহৰ পৰা এই মূল্য হ্ৰাস পায়। তেতিয়া প্ৰতি বেৰেলত ১০৯ ডলাৰ। কিন্তু এতিয়া ৫০-৫৫ ডলাৰ প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য। তথাপিতো ভাৰতত পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি হৈয়ে আছে।” -এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাৰ।

যোৱা আঠদিন ধৰি ক্ৰমাগতভাৱে পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি হৈ থকাৰ প্ৰতিবাদ স্বৰূপে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বান মৰ্মে সমগ্ৰ দেশৰ লগতে গুৱাহাটীত আজি অসম প্ৰদেশ কংগ্ৰেছে উলিওৱা প্ৰতিবাদী শোভাযাত্ৰাৰ সময়ত ৰিপুণ বৰাই এইদৰে কয়।

Apply Now

তাৎপৰ্য্যপূৰ্ণভাৱে, প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপাল, ভূটান, বাংলাদেশ, পাকিস্তান আদিত পে’ট্ৰল-ডিজেলৰ মূল্য বহু কম বুলি উল্লেখ কৰে। তাৰ বিপৰীতে ভাৰতত অত্যধিক মূল্যৰ জৰিয়তে গ্ৰাহকক মাধমাৰ শোধাই থকা বুলিও অভিযোগ কৰে।

ইয়াৰ উপৰি বিজেপি চৰকাৰে কৰ্প’ৰেট আৰু বণিক গোষ্ঠীক সুবিধা প্ৰদান কৰিবলৈ এইদৰে পে’ট্ৰল-ডিজেলৰ দাম অস্বাভাৱিক হাৰত বৃদ্ধি কৰি থকা বুলি ৰিপুণ বৰাই অভিযোগ উত্থাপন কৰে।

পে’ট্ৰেল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বান মৰ্মে গুৱাহাটীত আজি অসম প্ৰদেশ কংগ্ৰেছে উলিওৱা প্ৰতিবাদী শোভাযাত্ৰাৰ দৃশ্য।

অসম প্ৰদেশ কংগ্ৰেছৰ ৫ শতাধিক নেতা-কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচীটো ৰূপায়ণ কৰে। কংগ্ৰেছ নেতা-কৰ্মীসকলে ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে শ্ল’গান দিয়াৰ লগতে মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হোৱা বাবে ধিক্কাৰ দিয়ে।

ইপিনে, সমদলটোত নিজে ৰিক্সা চলাই প্ৰতিবাদত ভাগ ল’লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

প্ৰতিবাদত অংশ লোৱা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই কয়, “বিজেপি চৰকাৰে ‘সবকা সাথ সবকা বিকাশ’ৰ কথা কয়, কিন্তু তেওঁলোকে সাধাৰণ জনতাৰ সমস্যাক সদায় উপলুঙা কৰি আহিছে।” তেওঁ লগতে এইখন চৰকাৰ কৰ্প’ৰেটৰ হৈ কাম কৰা এখন দৰিদ্ৰ বিৰোধী চৰকাৰ বুলিও অভিহিত কৰে।

পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে কৰা এই প্ৰতিবাদত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক আব্দুল খালেক, জাকিৰ হুছেইন শিকদাৰ, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাকে ধৰি দলটোৰ ভালেসংখ্যক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd