পেট্ৰ’ল বোমাৰে শ্বিলং টাইমছৰ সম্পাদকক আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে শ্বিলঙত মৌন প্ৰতিবাদী সমদল

shillong-Journalist-protest-570x320

শ্বিলং টাইমছৰ সম্পাদক আৰু সমাজকৰ্মী তথা সচেতন লেখিকা পেট্ৰিচিয়া মুখিমৰ ঘৰলৈ মঙলবাৰে অচিনাক্ত দুৰ্বত্তই  পেট্ৰ’ল বোমা নিক্ষেপ কৰা ঘটনাৰ তীব্ৰ বিৰোধীতা সাব্যস্ত কৰি মেঘালয়ৰ সাংবাদিকসকলে আজি এক মৌন প্ৰতিবাদী সমদল উলিয়াই।

শ্বিলং প্ৰেছ ক্লাৱৰ পৰা আৰম্ভ কৰি বাৰিক পইণ্ট, শ্বিলং অসামৰিক চিকিৎসালয়, সচিবালয় পথ, ৰাজভৱনৰ সন্মুখেৰে উলিওৱা সমদলটো পৰিসমাপ্তি ঘটে প্ৰেছ ক্লাবত।

বিভিন্ন প্লে কাৰ্ড, বেনাৰ আদি লৈ উলিওৱা মৌন প্ৰতিবাদী সমদলটোৰ সময়ত সাংবাদিকসকলে উক্ত ঘটনাক নিন্দনীয় বুলি আখ্যা দিয়াৰ লগতে প্ৰশাসনক তৎপৰতাৰে উক্ত ঘটনাৰ তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়।

উল্লেখ্য যে যোৱা মঙলবাৰে সন্ধিয়া প্ৰায় ৮.৩৫ মান বজাত শ্বিলং টাইমছৰ নিৰ্ভীক, স্পষ্টবাদী সাংবাদিকগৰাকীৰ ঘৰত কোনো অচিনাক্ত লোকে পেট্ৰ’ল বোমা নিক্ষেপ কৰি ভয়াবহ আক্ৰমন সংঘটিত কৰে। উক্ত ঘটনাত সাংবাদিকগৰাকী কথমপি ৰক্ষা পৰে যদিও এই পৰ্যন্ত আৰক্ষীয়ে ঘটনাৰ লগত জড়িত দোষীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

ৰাজ্যখনত সাংবাদিক তথা সংবাদ মাধ্যমৰ কাৰ্যালয়ৰ ওপৰত কৰা আক্ৰমণ এয়া প্ৰথম নহয়। ইয়াৰ পূৰ্বেও ২০১০ চনত ৰাজ্যখনৰ এখন জনপ্ৰিয় দৈনন্দিন খাচি বাতৰি কাকত য়ু নংছেইন হিমাৰ (U Nongsain Hima) কাৰ্যালয়লৈ পেট্ৰ’ল বোমা নিক্ষেপ কৰিছিল। উক্ত ঘটনাৰ লগত জড়িত থকা দুষ্কৃতিকাৰীক আৰক্ষীয়ে অনুসন্ধান কৰাত ব্যৰ্থ হয়।