সোমবাৰে অহা এজাক বিধ্বংসী ধুমুহাই জোকাৰি গ’ল ত্ৰিপুৰাৰ বিভিন্ন অঞ্চল। প্ৰচণ্ড ধুমুহা আৰু বিজুলী-ঢেৰেকণিৰ সৈতে অহা বৰষুণৰ ফলত পশ্চিম ত্ৰিপুৰাৰ মধ্য ভূবনবন আৰু আৰ কে নগৰ অঞ্চল বেয়াকৈ ক্ষতিগ্ৰস্ত হয়।
প্ৰচণ্ড বেগেৰে অহা ধুমুহাত প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি কেইবাটাও গৃহ বিধ্বস্ত হোৱাৰ উপৰি আন বহু ঘৰৰ টিনপাত উৰুৱাই লৈ যায়।
আমালৈ অহা খবৰ অনুসৰি ধুমুহাৰ ফলত গছ-গছনি বাগৰি পৰাত ৰাজধানী চহৰ আগৰতলাৰ সমীপৰ মধ্য ভূবনবনৰ সীমান্ত অঞ্চলবাসীৰ বাসগৃহৰ লগতে দোকান পোহাৰৰ যথেষ্ট ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।
এই ধুমুহাত বাসগৃহ হেৰুওৱা সীমা পল নামৰ এগৰাকী মহিলাই নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত কয়- ‘বতাহ বৰষুণ অহাৰ সময়ত আমি ঘৰৰ ভিতৰতে বহি আছিলো আৰু তেতিয়াই এডাল প্ৰকাণ্ড গছ ঘৰৰ ওপৰত বাগৰি পৰে আৰু মোৰ ঘৰটো সম্পূৰ্ণকে ধ্বংস হৈ যায়’।
ইয়াৰ উপৰি তপন দাস নামৰ এজন ব্যৱসায়ীয়ে কয়, ‘সোমবাৰে ৰাতিপুৱা প্ৰায় ১০-১০.৩০ মান বজাৰ ভিতৰত অহা প্ৰচণ্ড ধুমুহা জাকৰ ফলত মোৰ দোকানৰ ওপৰত এডাল গছ বাগৰি পৰে আৰু মোৰ দোকান চূৰ্ণ বিচূৰ্ণ হয়। ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলৰ বুজ ল’বলৈ এতিয়াও কোনো প্ৰশাসনৰ লোক অহা নাই। এই অঞ্চলত প্ৰায় চাৰি-পাঁচটা বা,গৃহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে’।
উল্লেখ্য যে এই পৰ্যন্ত ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা অঞ্চল সমূহৰ পৰা কোনো লোক হতাহতি হোৱা নাই বুলি জানিব পৰা গৈছে।
ইফালে উদ্যোগী অঞ্চল আৰ কে নগৰীও এই ধুমুহাৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। উক্ত অঞ্চলটোৰ বাসগৃহ সমূহৰ লগতে উদ্যোগ গৃহ সমূহৰ টিনপাত উৰুৱাই নিয়াৰ লগতে বিস্তৰ ক্ষতিসাধন কৰে।
জানিব পৰা মতে ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰা অঞ্চল সমূহৰ পৰিস্থিতিৰ বুজ ল’বলৈ সন্ধিয়া প্ৰশাসনৰ লোক উপস্থিত হয়। ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনে বিভাগীয় কৰ্তৃপক্ষক জৰুৰীকালীন নিৰ্দেশ দিয়ে।