প্ৰতিষ্ঠা দিৱস পালন অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

AJYCP

অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ লক্ষ্যৰে ১৯৭৮ চনত গুৱাহাটীৰ নবীন চন্দ্ৰ বৰদলৈ প্ৰেক্ষাগৃহত জন্ম হৈছিল এক ছাত্ৰ সংগঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ। চাৰিটা দশক অতিক্ৰম কৰা এই ছাত্ৰ সংগঠনটোৱে সোমবাৰে পালন কৰে প্ৰতিষ্ঠা দিৱস।

কালি মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ছাত্ৰ সংগঠনটোৰ ৪০সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত অধিৱেশনত অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখন অধিক শক্তিশালীভাৱে আগুৱাই নিয়াৰ বাবে ছাত্ৰ সংগঠনটোৰ প্ৰতিজন নেতা-কৰ্মীয়ে সংকল্পবদ্ধ হয়।

উল্লেখযোগ্য যে সোমবাৰে ৰাতিপুৱা পতাকা উত্তোলনেৰে আৰম্ভ হৈছিল প্ৰতিষ্ঠা দিৱস। দুপৰীয়া অন্যতম আকৰ্ষণীয় অনুষ্ঠান সাংস্কৃতিক সমদল। বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনেৰে উলিওৱা হয় প্ৰায় এক কিল’মিটাৰ দৈৰ্ঘ্যৰ সমদল।

ইফালে কলাক্ষেত্ৰত অনুষ্ঠিত মুকলি সভাত প্ৰাক্তন সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, মনোজ কুমাৰ বৰুৱা, অদীপ কুমাৰ ফুকন, দিলীপ পাটগিৰী, দিলীপ শংকৰ শইকীয়া আদিকে ধৰি বহু সংগঠনটোৰ নেতা-কৰ্মী উপস্থিত থাকে।

ইয়াৰ উপৰি মুকলি সভাত ৰাজ্যৰ বহু কেইটা সংবাদ প্ৰতিষ্ঠানৰ সম্পাদকো উপস্থিত থাকে।